অহা ২০ আৰু ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বাবে শাসকীয় দল বিজেপি আৰু চৰকাৰে তৎপৰতা অব্যাহত ৰাখিছে। ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে গুৱাহাটী মহানগৰী সুন্দৰকৈ সজাই তোলা হৈছে। ২০ ডিচেম্বৰত শ্রীমোদীয়ে বৰঝাৰ বিমান বন্দৰত এটা নতুন টার্মিনেল মুকলি কৰাৰ লগতে গোপীনাথ বৰদলৈৰ প্রতিমূর্তি উন্মোচন কৰি এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীৰ অসম ভ্রমণ কাৰ্যসূচী আৰু জনসভা সফল কৰাৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজি উত্তৰ গুৱাহাটী মণ্ডলত বিজেপিৰ এখন প্ৰস্তুতি সভা অনুষ্ঠিত হয়। এই সভাত মন্ত্রী অজন্তা নেওগ, অসম প্রদেশ কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক ৰণজিৎ ভট্টাচাৰ্য, উত্তৰ গুৱাহাটী সংমণ্ডলৰ ৰঞ্জন বৰুৱা আদিয়ে অংশগ্ৰহণ কৰি সভাৰ প্ৰস্তুতি সন্দৰ্ভত বুজ লয়। একেদৰে ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে নামৰূপৰ এম‘নিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্রধানমন্ত্রীৰ নামৰূপৰ সভভাস্থলী পৰিদৰ্শন কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, শক্তি মন্ত্রী প্রশান্ত ফুকন আৰু স্থানীয় বিধায়ক তৰংগ গগৈয়ে কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্রীদ্বয়ে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সন্দৰ্ভত বিভাগীয় বিষয়া আৰু কৰ্মচাৰীসকলৰ সৈতে এখন পর্যালোচনা বৈঠকতো মিলিত হয়।
Site Admin | December 16, 2025 7:36 PM | PM Visit
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বাবে শাসকীয় দল বিজেপি আৰু চৰকাৰৰ তৎপৰতা অব্যাহত