প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অহা ২০ আৰু ২১ ডিচেম্বৰত দুদিনীয়া অসম ভ্রমণ সন্দর্ভত কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। প্রধানমন্ত্রীৰ এই দুদিনীয়া অসম ভ্রমণকালত বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। একেদিনাই প্রধানমন্ত্রীগৰাকীয়ে লোকপ্রিয় গোপীনাথ বৰদলৈৰ এটা প্রতিমূর্তি উন্মোচন কৰাৰ লগতে গুৱাহাটীত এখন জনসভাত অংশগ্ৰহণ কৰিব।
প্রধানমন্ত্রী শ্রীমোদীয়ে ২১ ডিচেম্বৰত ডিব্ৰুগড় জিলাৰ নামৰূপত স্থাপন হ’বলগীয়া এম’নিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্রায় ১১ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পৰ বাৰ্ষিক ১২ দশমিক ৭ মেট্রিক টন এম’নিয়া ইউৰিয়া উৎপাদনৰ ক্ষমতা থাকিব। প্রধানমন্ত্রীৰ এই দুদিনীয়া ভ্রমণসূচীৰ প্ৰস্তুতি সন্দর্ভত সকলো দিশ সামৰি কালি কইনাধৰাৰ অতিথিশালাত কেইবাগৰাকী ৰাজ্যিক মন্ত্ৰীৰ লগতে বিষয়াই অংশগ্ৰহণ কৰে। প্রধানমন্ত্রীৰ এই ভ্রমণসূচী সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলো বিভাগকে তৎপৰতাৰে দায়িত্ব পালন কৰিবলৈ নির্দেশ দিয়া হয়।