প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত ১০ হাজাৰৰো অধিক শিল্পীয়ে পৰিবেশন কৰা বড়োসকলৰ বাগৰুম্বা নৃত্য উপভোগ কৰে। বাগৰুম্বা নৃত্য উপভোগৰ পূৰ্বে প্রধানমন্ত্রী শ্রীমোদীয়ে অসমবাসীক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বাগৰুম্বা কেবলমাত্র উৎসব নহয়, এয়া বড়োসকলৰ কৃষ্টি, সংস্কৃতি আৰু পৰম্পৰাক সন্মান দিয়াৰ এটা মাধ্যম। অসমৰ সংস্কৃতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিবলৈ পোৱাটো তেওঁৰ বাবে সৌভাগ্য বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। অসমীয়া কলা সংস্কৃতিক বিশ্ব দৰবাৰত জিলিকাই তুলিবলৈ চৰকাৰে সুদূৰ প্ৰসাৰী পদক্ষেপ গ্রহণ কৰিছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত বডোফা উপেন্দ্রনাথ ব্রহ্ম, কালীচৰণ ব্ৰহ্ম, ৰূপনাথ ব্রহ্মকে ধৰি বড়ো জাতিৰ পুৰোধা ব্যক্তিসকললৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।
অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বড়ো জনগোষ্ঠীক সমগ্ৰ ভাৰতৰ গৌৰৱৰ আৰু স্বাভিমানৰ প্রতীক বুলি অভিহিত কৰে। বাগৰুম্বা নৃত্যই বড়ো জনগোষ্ঠীৰ কৃষ্টি আৰু সংস্কৃতিক প্রতিনিধিত্ব কৰে বুলিও মুখ্যমন্ত্রী ড° শৰ্মাই মন্তব্য কৰে। তেওঁ লগতে কয় যে বড়ো জনগোষ্ঠীৰ উন্নয়ন আৰু উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে কাম কৰি যাব। প্রধানমন্ত্রী মোদীৰ উপস্থিতিয়ে বড়ো লোকসকলৰ সন্মান আৰু আদৰ্শক নতুন পর্যায়লৈ লৈ গল বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত বডোফা উপেন্দ্ৰ নাথ ব্রহ্মক স্মৰণ কৰে। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ আদৰ্শ বাস্তবায়িত কৰাৰ ক্ষেত্ৰত চৰকাৰে প্ৰেৰণা লাভ কৰিলে বুলিও তেওঁ উল্লেখ কৰে।
অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ অংশস্বৰূপ বড়োসকলৰ বাগৰুম্বা নৃত্যৰ বিশ্বজুৰি প্ৰসাৰৰ অৰ্থে আয়োজিত এই অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্য, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্রামা মহিলাৰীৰ লগতে কেইবাগৰাকী মন্ত্রী, বিধায়ক উপস্থিত থাকে। ইয়াৰ পূৰ্বে পশ্চিমবংগ ভ্রমণ সামৰি দুদিনীয়া অসম ভ্রমণসূচীৰে গুৱাহাটীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক বিমান বন্দৰৰ বাহিৰত জনগোষ্ঠীয় নৃত্য গীতেৰে আদৰণি জনোৱা হয়। আজি নিশা প্ৰধানমন্ত্ৰীগৰাকী কইনাধৰাৰ চৰকাৰী অতিথিশালাত কটাব। এই ভ্রমণকালত প্রধানমন্ত্রীয়ে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু দুখন ৰে’লগাড়ী যাত্ৰাৰ শুভাৰম্ভকৰিব।
প্রধানমন্ত্রী মোদীয়ে কাইলৈ কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত কলিয়াবৰৰ পৰা বোকাখাতলৈ ছহেজাৰ ৯৫৭ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ‘বলগীয়া কাজিৰঙা এলিভেটেড কৰিড‘ৰৰ আধাৰশিলা স্থাপন কৰিব। এই এলিভেটেড কৰিড‘ৰে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তু বাধাহীনভাবে আহ-যাহ সুনিশ্চিত কৰিব আৰু মানুহ আৰু জীৱ-জন্তুৰ সংঘাত হ্রাস কৰাত সহায় কৰিব। এলিভেটেড কৰিড‘ৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে পথ সুৰক্ষা বৃদ্ধি পাব, যাত্ৰাৰ সময় ৰাহি হ‘ব আৰু দুৰ্ঘটনাৰ হাৰ হ্রাস পাব।
প্রধানমন্ত্রী মোদীয়ে এই ভ্ৰমণৰ সময়তে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমটিলৈ আৰু কামাখ্যাৰ পৰা ৰ‘হটকলৈ চলিবলগীয়া দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে‘লগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব। এই নতুন ৰে‘ল সেৱাই উত্তৰ-পূৰ্বাঞ্চল আৰু উত্তৰ ভাৰতৰ মাজৰ ৰে‘ল যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰিব।