ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 16, 2025 9:44 AM | PM-ANDHRAPRADESH

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্রপ্রদেশত ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি অন্ধ্ৰপ্ৰদেশলৈ যাব। ভ্রমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ নন্দিয়াল জিলাৰ শ্ৰীছাইলেমত থকা শ্ৰীভ্ৰমৰম্ব মল্লিকার্জুনা স্বামী ৱৰ্লা দেৱস্থানম দৰ্শন কৰাৰ লগতে মন্দিৰটোত পূজা-অৰ্চনা কৰিব। তেওঁ জিলাখনৰ শ্ৰীশিৱাজী স্পৰ্থি কেন্দ্ৰও পৰিদৰ্শন কৰিব। শ্রীমোদীয়ে আজি বিয়লি কুনুলনত ১৩ হাজাৰ ৪৩০ হাজাৰ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ভালেমান উন্নয়নমূলক প্রকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে আন ভালেমান প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত উদ্যোগ, শক্তি, পথ, ৰে’লৱে, প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ, পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ আদি খণ্ডৰ বিভিন্ন প্রকল্প আছে। এই প্রকল্পসমূহে ঔদ্যোগিকীকৰণক ত্বৰান্বিত কৰি সৰ্বাত্মক আৰ্থ-সামাজিক বিকাশৰ জৰিয়তে ৰাজ্যখনৰ আঞ্চলিক আন্তঃগাঁথনি উন্নত কৰাৰ বাবে থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্রতীয়মান কৰিব অনুষ্ঠানৰ সৈতে সংগতি ৰাখি শ্ৰীমোদীয়ে সমবেত জনসাধাৰণকো সম্বোধন কৰিব।