January 19, 2026 11:58 AM | PM Hugli

printer

হুগলী জিলাৰ ছিংগুৰত প্ৰায় ৮৩০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি পশ্চিমবংগৰ হুগলী জিলাৰ ছিংগুৰত প্ৰায় ৮৩০ কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্রকল্প মুকলি কৰে। এখন জনসভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতৰ উন্নয়নৰ বাবে পূৱ ভাৰতৰ উন্নয়ন গুৰুত্বপূৰ্ণ আৰু কেন্দ্ৰীয় চৰকাৰে অহৰহভাবে উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰি আহিছে। মালদা আৰু হুগলীত তেওঁৰ ভ্ৰমণৰ বিষয়ে উল্লেখ কৰি কয়, যে সমগ্র পশ্চিমবংগতে আন্তঃগাঁথনি আৰু যোগাযোগ শক্তিশালী কৰি তোলাৰ বাবে ১০০ কোটি টকা ব্যয় সাপেক্ষ প্রকল্প গ্রহণ কৰা হৈছে। ৰেলখণ্ডত বৃহৎ পদক্ষেপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰেলগাড়ী যোৱা শনিবাৰে পশ্চিমবংগত মুকলি কৰা হয়। লগতে ৰাজ্যখনে অমৃত ভাৰত এক্সপ্ৰেছ সেৱাৰ ৬ খন ৰেলগাড়ীও লাভ কৰা বুলি প্রধানমন্ত্রী শ্রীমোদীয়ে উল্লেখ কৰে। কালি প্রধানমন্ত্ৰীগৰাকীয়ে কলকাতাৰ সৈতে দিল্লীৰ আনন্দ বিহাৰ টার্মিনেল, বেনাৰস আৰু তামিলনাডুৰ টাম্বৰমক সংযোগ কৰা ৩ খন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰা মুকলি কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত বন্দৰ আৰু জলপথ ভিত্তিক উন্নয়নৰ ক্ষেত্ৰতো গুৰুত্ব দিয়া বুলি প্রকাশ কৰে। তেওঁ কয়, যে বন্দৰ আৰু আভ্যন্তৰীণ জলপথৰ উন্নয়নে ৰাজ্যখনত নির্মাণ খণ্ড, বাণিজ্য আদিত প্ৰসাৰ ঘটোৱাৰ লগতে নিয়োগ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন উৰণ সেতু, আন্তঃৰাজ্যিক জল পৰিবহণ টার্মিনেলকে ধৰি বালাগড়ত সম্প্ৰসাৰিত পৰ্টগেট ব্যৱস্থাৰ আধাৰশিলাও স্থাপন কৰে। অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰকল্পসমূহে ৰাজ্যখনৰ উন্নয়ন তৃৰান্বিত কৰিব। তেওঁ কয়, যে পূব ভাৰতক এখন উন্নত অঞ্চললৈ পৰ্যবসিত কৰাৰ লক্ষ্যেৰে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। প্রায় ৯০০ একৰ ভূমি আৱৰি থকা বালাগড়ক বার্ষিক ২৭ লাখ টন সামর্থ্যসহ আধুনিক কাৰ্গ সৰবৰাহৰ টার্মিনেললৈ উন্নীত কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে নগৰ অঞ্চলৰ পৰা গধুৰ ৰচদ-পাতিসমূহৰ সৰবৰাহৰ পৰিমাণ হ্ৰাস কৰি এই ক্ষেত্ৰত সুচলতা অনাৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ জৰিয়তে কলকাতা মহানগৰৰ প্ৰদূষণৰ লগতে যান-জট হ্রাস পোৱাকে ধৰি পথ সুৰক্ষা ত্বৰান্বিত হব বুলি আশা কৰা হৈছে। তদুপৰি, এই উন্নত যোগাযোগ ব্যৱস্থাৰ জৰিয়তে কৃষক, মাছমৰীয়া, ক্ষুদ্র উদ্যোগী, আঞ্চলিক উদ্যোগ তথা কৃষিখণ্ড উপকৃত হোৱাৰ লগতে ভালেসংখ্যক নিয়োগৰ সুবিধা সৃষ্টি কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।