January 16, 2026 12:11 PM

printer

কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। বিয়লি প্রধানমন্ত্রীয়ে গুৱাহাটীত প্রায় ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। এই অনুষ্ঠানৰ বাবে যাৱতীয় প্রস্তুতি প্রায় সম্পূৰ্ণ হৈছে। বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে এই নৃত্য পৰিৱেশন কৰিবলগীয়া শিল্পীসকল গুৱাহাটীত আহি উপস্থিত হৈছে। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই কালি বাগৰুম্বা নৃত্যৰ আখৰা পৰিদৰ্শন কৰে। অসমৰ চহকী ঐতিহ্য বড়োসকলৰ বাগৰুম্বা নৃত্যৰ বিশ্বজুৰি প্ৰসাৰৰ অৰ্থে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্রকাশ কৰে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও কালি আবেলি সৰুসজাইত উপস্থিত হৈ বাগৰুম্বা নৃত্যৰ আখৰাৰ লগতে সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়।

বাগৰুম্বা দহৌ অনুষ্ঠানৰ পৰিপ্ৰেক্ষিতত বিটিচিত নতুনকৈ নিযুক্তি লাভ কৰা শিক্ষকসকলৰ কাইলৈ হবলগীয়া নথি পৰীক্ষাৰ দিন পিছুৱাই দিয়া হৈছে।

প্রধানমন্ত্রী মোদীয়ে পৰহিলৈ কলিয়াবৰৰ মৌচন্দা পথাৰত এখন ৰাজহুৱা সভাত অংশ লব আৰু এই সভাতে কলিয়াবৰৰ পৰা বোকাখাতলৈ ছহেজাৰ ৯৫৭ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হবলগীয়া কাজিৰঙা এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। মন্ত্রী পীযূষ হাজৰিকা, কেশৱ মহন্ত, সাংসদ কামাখ্যা প্রসাদ তাছা আৰু অসম আৰক্ষীৰ সঞ্চালক প্রধান হৰমিত সিঙে কালি প্রধানমন্ত্রীয়ে অংশ লবলগীয়া জনসভাস্থলী পৰিদৰ্শন কৰি কাম-কাজৰ অগ্রগতিৰ বুজ লয়।

প্রধানমন্ত্রী মোদীয়ে এই ভ্রমণৰ সময়তে ডিব্ৰুগড়ৰ পৰা লক্ষ্ণৌৰ গোমটিলৈ আৰু গুৱাহাটীৰ পৰা নতুন দিল্লীৰ ৰাউটালৈ চলিবলগীয়া দুখন ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰিব।