প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি বিয়লি তিনিখনীয়া দেশ ভ্রমণৰ অন্তিম পর্যায়ত ওমানত উপস্থিত হ‘ব। ওমানৰ মুৰববী স্থূলতান হাইথাম বিন তাৰিকৰ আমন্ত্রণমৰ্মে প্ৰধানমন্ত্ৰীগৰাকী দেশখনলৈ যাব। ভ্রমণকালত প্ৰধানমন্ত্ৰীগৰাকীক এটা উচ্চ পর্যায়ৰ প্রতিনিধি দলে সংগ দিক। এই দুদিনীয়া ভ্রমণত উভয় দেশে সর্বাত্মক অর্থনৈতিক সহযোগিতা চুক্তিত স্বাক্ষৰ কৰাৰ আশা কৰা হৈছে। আকাশবাণীৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত দেশখনত থকা ভাৰতৰ ৰাষ্ট্রদূত জি ভি শ্রীনিবাসে কয়, যে এই ভ্রমণকালত অন্যান্য ভালেকেইখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ হোৱাৰ কথা আছে।
Site Admin | December 17, 2025 11:40 AM | PM omen
তিনিখনীয়া দেশ ভ্রমণৰ অন্তিম পর্যায়ত প্রধানমন্ত্রী আজি ওমানত উপস্থিত হ’ব