December 17, 2025 11:38 AM | PM Modi

printer

নৰেন্দ্ৰ মোদীক ইথিওপিয়াৰ সর্বোচ্চ সন্মান দি গ্রেট অ’নাৰ নিচান অৱ ইথিওপিয়াৰে সন্মানিত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ইথিওপিয়াৰ সর্বোচ্চ সন্মান দি গ্রেট অনাৰ নিচান অৱ ইথিওপিয়াৰে সন্মানিত কৰা হৈছে। ইথিওপিয়াৰ প্রধানমন্ত্রী ড০ আবি আহমেদ আলীয়ে শ্রীমোদীক এই সন্মান প্রদান কৰে। দেশখনৰ ৰাজধানী এদ্দিছ আবাবাত থকা এদ্দিছ ইণ্টাৰনেচনেল কনভেনচন চেণ্টাৰত আয়োজিত এটা বিশেষ অনুষ্ঠানত প্রধানমন্ত্ৰীগৰাকীক এই সন্মানেৰে বিভূষিত কৰা হয়। বিশ্বনেতা হিচাপে দূৰদৰ্শী নেতৃত্ব আৰু ভাৰত-ইথিওপিয়াৰ সম্পৰ্ক শক্তিশালী কৰি তুলিবলৈ গ্ৰহণ কৰা ব্যতিক্রমী ভূমিকাৰ বাবে শ্রীমোদীক এই সন্মান প্রদান কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকী সম্প্রতি দুদিনীয়া ভ্রমণসূচীৰে দেশখনত আছে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী শ্রীমোদীয়ে বিশ্বৰ অন্যতম প্রাচীন সভ্যতাৰ পৰিচয় দাঙি ধৰা ইথিওপিয়াৰ পৰা এই বঁটা গ্রহণ কৰাটো তেওঁৰ বাবে সম্মানৰ বিষয় হিচাপে উল্লেখ কৰে। এহেজাৰ ৪০০ কোটি ভাৰতীয়ৰ হৈ এই সন্মান গ্ৰহণ কৰি তেওঁ ইয়াৰ বাবে দেশখনৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। উভয় দেশৰ দ্বিপাক্ষিক সম্পৰ্ক বছৰ বছৰ ধৰি ৰক্ষা কৰা ভাৰত আৰু ইথিওপিয়াৰ জনসাধাৰণলৈ বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মান উৎসর্গা কৰে।

ইয়াৰ পূৰ্বে এদ্দিছ আবাবাত দুয়োগৰাকী প্রধানমন্ত্রীয়ে বিভিন্ন দিশ সামৰি কৰা আলোচনাত উভয় দেশৰ মাজৰ সম্পৰ্কক কৌশলগত সম্পর্কলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আলোচনাত দুয়ো দেশে তিনিখন বুজাবুজিৰ চুক্তিটো স্বাক্ষৰ কৰে। এই আপাহতে প্রধানমন্ত্রী শ্রীমোদীয়ে পেহেলগামত সংঘটিত সন্ত্রাসবাদীৰ আক্ৰমণৰ ঘটনাৰ পাছত ভাৰতৰ সৈতে থিয় দিয়াৰ লগতে সন্ত্রাসবাদৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় যুদ্ধক শক্তিশালী কৰি তোলাৰ বাবে দেশখনক ধন্যবাদ জ্ঞাপন কৰে।