প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আজি নতুন দিল্লীৰ হায়দৰাবাদ হাউছত বৈঠকত মিলিত হয়। দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাকালত বাণিজ্য, অর্থনীতি, স্বাস্থ্য যতন, শিক্ষা, সংস্কৃতিকে ধৰি বিভিন্ন খণ্ডত কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হয়।
দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ অহা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি সন্ধিয়া নতুন দিল্লীৰ বিমান বন্দৰত আদৰণি জনায়। আজি পুৱা ৰাষ্ট্রপতি ভবনত পুটিনক আনুষ্ঠানিকভাৱে সম্বর্ধনা জনোৱা হয়। ইয়াৰ পাছত তেওঁ ৰাজঘাটত মহাত্মা গান্ধীৰ সমাধিস্থলীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি সন্ধিয়া ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানার্থে ভোজমেলৰ আয়োজন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি ২৩ সংখ্যক ভাৰত-ৰাছিয়া বার্ষিক শীর্ষ সন্মিলনত অংশগ্রহণ কৰিব।
উল্লেখযোগ্য যে এই ভ্রমণে দুয়োখন দেশৰ মাজৰ বিশেষ আৰু কৌশলগত অংশীদাৰিত্বক শক্তিশালী কৰাৰ লগতে দুয়োগৰাকী নেতাক দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ সন্দৰ্ভত পর্যালোচনাৰ সুযোগ প্রদান কৰিব।
ৰাষ্ট্ৰসংঘ, জি-২০, ব্রিকছ আৰু ছাংহাই সহযোগিতা সংস্থা আদিৰ দৰে কেইবাটাও বহুপাক্ষিক মঞ্চত ভাৰত আৰু ৰাছিয়াই সহযোগিতা স্থাপন কৰে। ২০২৩ চনত জি-২০ আৰু ছাংহাই সহযোগিতা সংস্থাক ভাৰতক সভাপতিত্ব তথা ২০২৪ বৰ্ষত ব্রিকছত ৰাছিয়াৰ সভাপতিত্বই দুয়োখন দেশৰ মাজত থকা পাৰস্পৰিক সমর্থনৰ জৰিয়তে এই সহযোগিতা অধিক শক্তিশালী হৈ উঠিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ বাবে ভাৰতৰ প্ৰাৰ্থিত্বৰ প্ৰতি ৰাছিয়াই ধাৰাবাহিকভাৱে সমর্থন আগবঢ়াই আহিছে। বিগত ৭৮ বছৰত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় আৰু সুস্থিৰ হৈ আছে। পৰম্পৰাগত সামৰিক, পাৰমাণৱিক আৰু মহাকাশ সহযোগিতাৰ উপৰিও বিভিন্ন খণ্ডত দুয়োখন দেশৰ মাজত শক্তিশালী সহযোগিতা অব্যাহত আছে।