প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি থিম্ফুত ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল বাংছুকৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰাত গুৰুত্ব আৰোপ কৰে। পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দর্ভতো বৈঠকত আলোচনা কৰা হয়। দুয়োগৰাকী নেতাই যৌথভাবে এহেজাৰ ২০ মেগাৱাট ক্ষমতাসম্পন্ন পুনাটছাংচু-২ জলবিদ্যুৎ প্রকল্প উদ্বোধন কৰে। দ্বিপাক্ষিক সহযোগিতা আৰু অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে নবীকৰণযোগ্য শক্তি, মানসিক স্বাস্থ্য আৰু স্বাস্থ্য সেৱাৰ লগত জড়িত তিনিখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। দুয়োখন দেশৰ মাজৰ শক্তিৰ সহযোগিতা আৰু অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে এহেজাৰ ২০০ মেগাৱাট ক্ষমতাসম্পন্ন পুনাটছাংচু-১ জলবিদ্যুৎ প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰাৰ বাবেও আলোচনা কৰা হয়। দক্ষিণ ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চহৰৰ সমীপৰ হাতীছাৰত প্ৰব্ৰজন নিৰীক্ষণ চকী স্থাপনৰ বাবেও বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ফলত এই স্থানলৈ পৰ্যটকৰ আগমন হ‘ব বুলি আশা কৰা হৈছে। অসমৰ কোকৰাঝাৰক গেলেফু মাইণ্ডফুলনেছ চহৰলৈ ৰে‘লেৰে সংযোগ কৰাৰ বাবে আলোচনা কৰা হয়। নিশা প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজকীয় ভোজনতো অংশগ্রহণ কৰে। উল্লেখযোগ্য যে নতুন দিল্লীলৈ ৰাওনা হোৱাৰ পূর্বে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী কালচক্র অনুষ্ঠানত উপস্থিত থাকিব।
Site Admin | November 12, 2025 12:14 PM | PM Modi
ভূটানৰ ৰজা জিগমে খেছৰ নামগিয়াল বাংছুকৰ সৈতে প্রধানমন্ত্রীৰ বৈঠক