ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 31, 2025 8:03 PM | PM Ekta Nagar

printer

ৰাষ্ট্ৰীয় একতা দিৱসত গুজৰাটৰ একতা নগৰৰ পৰা দেশক নেতৃত্ব প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ বল্লভ ভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱসত আজি গুজৰাটৰ একতা নগৰৰ পৰা দেশক নেতৃত্ব দিয়ে। শ্রীমোদীয়ে একতাৰ প্রতিমূর্তিত পুষ্পাঞ্জলি অর্পণেৰে দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠানত একতা দিবসৰ শপত বাক্য পাঠ কৰোৱায়। এই বছৰৰ ৰাষ্ট্ৰীয় একতা দিৱসত দেশৰ সুৰক্ষা বাহিনীসমূহৰ শক্তি, নিয়মানুবর্তিতা আৰু বীৰত্বক প্ৰতিফলিত কৰা আকর্ষণীয় কুচকাবাজ প্রধানমন্ত্রী মোদীয়ে প্রত্যক্ষ কৰে। কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনী, সীমান্ত সুৰক্ষা বাহিনী, কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনী, ভাৰত তিববত সীমান্ত আৰক্ষী, সশস্ত্র সীমা বল আৰু অসম, ত্ৰিপুৰা, ওড়িশা, ছত্তিশগড়, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, পঞ্জাব, জম্মু কাশ্মীৰ, কেৰেলা আৰু অন্ধ্রপ্রদেশৰ ৰাজ্যিক আৰক্ষী বাহিনীসমূহে কুচকাৱাজত অংশগ্ৰহণ কৰে। এইবাৰৰ কুছকাৱাজত সীমান্ত সুৰক্ষা বাহিনী বিশেষকৈ ভাৰতীয় জাতৰ কুকুৰ ৰামপুৰ আৰু মুষল হাউণ্ডছে আত্মনিৰ্ভৰ ভাৰতক প্রতিফলিত কৰে। অনৈক্যৰ মাজত ঐক্য বিষয়বস্তুৰে ৰাষ্ট্ৰীয় সুৰক্ষা গার্ড আৰু ৰাষ্ট্ৰীয় দুর্যোগ সঁহাৰি বাহিনীৰ লগতে ১০ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ প্ৰতীকপট প্রদর্শন কৰে।

কেন্দ্রীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে একতা দিৱস উপলক্ষে দেশৰ একতাৰ হকে চৰ্দাৰ বল্লভ ভাই পেটেলৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰে। দিৱস উপলক্ষে লোৱা একতা দিৱসৰ সংকল্প লৈ মন্ত্ৰীগৰাকীয়ে কয় যে চৰ্দাৰ পেটেল ৰাষ্ট্ৰীয় একতাৰ প্ৰতিমূর্তি আছিল। এই উপলক্ষে শ্রীবিজিজুরে দেশৰ স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানৰ প্ৰতি গৰ্ব অনুভৱ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।