ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 23, 2025 12:18 PM | GST

printer

জি এছ টি সঞ্চয় উৎসৱৰ পৰা সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰা আৰু যোৱা ২২ ছেপ্তেম্বৰৰ পৰা সমগ্ৰ দেশত ৰূপায়ণ হোৱা সামগ্ৰী আৰু সেৱা কৰ জি এছ টি সঞ্চয় উৎসৱৰ পৰা সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হৈছে। চৰকাৰে জনসাধাৰণক সকাহ প্ৰদানৰ উদ্দেশ্যে স্বাস্থ্য সেৱা খণ্ডত আৰোপিত কৰ যথেষ্ট হ্রাস হৈছে। চৰকাৰে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ অধীনত কর্কট আৰু পুৰণি ৰোগৰ চিকিৎসাত ব্যৱহৃত ৩৬ বিধ জীৱনৰক্ষী ঔষধৰ ওপৰত আৰোপিত কৰ সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত স্বাস্থ্য বীমা ধাৰকসকলৰ ব্যয় হ্রাস পাইছে আৰু সমগ্র দেশত স্বাস্থ্য সেৱা গ্ৰহণ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে। একেদৰে, জি এছ টি সংস্কাৰৰ অধীনত বেণ্ডেজ, ৰোগ চিনাক্তকৰণ সঁজুলি, গ্লুকমিটাৰ আৰু থার্মমিটাৰৰ লেখিয়া চিকিৎসা আহিলা-পাতি আৰু অত্যাবশ্যকীয় ঔষধৰ ওপৰত আৰোপিত কৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ কমোৱা হৈছে। ইয়াৰ উপৰি স্বাস্থ্য আৰু জীবন বীমাৰ কিস্তিৰ ওপৰত আৰোপিত ১৮ শতাংশ কৰ সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছে। স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত আৰোপিত কৰ হ্ৰাস কৰাৰ ফলত চিকিৎসা ব্যয় কমিছে আৰু ইয়াৰ পৰা মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ লোক লাভান্বিত হৈছে।