ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 27, 2025 6:51 PM | PM Modi

printer

ওড়িশাত ৬০ হাজাৰ কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ঝাৰছুগুড়াত ৬০ হাজাৰ কোটি টকাতকৈও অধিক পৰিমাণৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন কৰাৰ লগতে এনে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্রকল্পসমূহৰ ভিতৰত দূৰসংযোগ, ৰে’লপথ, উচ্চ শিক্ষা, স্বাস্থ্য সেৱা, দক্ষতা বিকাশ, গ্রামাঞ্চলৰ বাসগৃহ নির্মাণ আদিকে ধৰি ভালেমান খণ্ডক সামৰি লোৱা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ওড়িশাৰ বেৰহামপুৰ আৰু উধনাৰ মাজত চলাচল কৰিবলগীয়া অমৃত-ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ী খনৰো যাত্ৰাৰ শুভাৰম্ভ কৰে। ওড়িশাৰ ৰাজ্যপাল হৰিবাবু কান্তাম্পতি, মুখ্যমন্ত্রী মোহন চৰণ মাঝী আৰু আনকেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৰে’লগাড়ীৰ খনৰ যাত্ৰাৰ শুভাৰম্ভণিৰ সৈতে সংগতি ৰাখি উধনা ৰে’ল ষ্টেচনত আযোজন কৰা অনুষ্ঠানত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু জল শক্তি দপ্তৰৰ মন্ত্ৰী চি আৰ পাৰ্টিল উপস্থিত থাকে। উল্লেখযোগ্য য়ে ওড়িশা আৰু গুজৰাটৰ মাজত চলাচল কৰিবলগীয়া এই ৰেলগাড়ীখনৰ যাত্রাপথে অন্ধ্রপ্রদেশ, ছত্তিশগড় আৰু মহাৰাষ্ট্ৰকে ধৰি আন কেইবাখনো ৰাজ্যক সামৰি ল’ব।
একেদৰে ওড়িশাৰ পৰাই প্রধানমন্ত্রী মোদীয়ে আজি ভার্চুৱেল ব্যৱস্থাৰে গুজৰাটৰ প্ৰথমখন অমৃত-ভাৰত এক্সপ্ৰেছ ৰে’লগাড়ীৰো সেৱা মুকলি কৰে।

আজিৰ অনুষ্ঠানত ভাষণ দি প্রধানমন্ত্রীয়ে কয় যে ডবল ইঞ্জিনৰ চৰকাৰৰ জৰিয়তে ওড়িশা উন্নিতৰ পথত দ্রুত গতিত আগবাঢ়ি গৈছে। নিজশ্ব অর্থাৎ‍ স্বদেশী ফ’ৰ জি আৰু ফাইব জী নেটৱৰ্কৰ সহায়ত দেশখনে শীঘ্ৰেই বিশ্বৰ ৫খন দেশৰ ভিতৰত স্থান লাভ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। বি এছ এন এলে আমাৰ নিজৰ দেশৰ বাবে সম্পূৰ্ণৰূপে স্বকীয় ফ’ৰ জি নেটৱৰ্ক গঢ়ি তোলাটোক গৌৰৱৰ বিষয় বুলি মত প্ৰকাশ কৰি তেওঁ কয় যেভাৰতবৰ্ষই দূৰ সংযোগ প্রযুক্তিৰ দিশৰ পৰা বিশ্বৰ অন্যতম কেন্দ্ৰ হিচাপে স্বীকৃতি লাভ কৰিব। কঠোৰ পৰিশ্ৰম আৰু সামৰ্থৰ জড়িয়তে বি এছ এন এলে ইতিহাত এটা নতুন অধ্যায়ৰ সূচনা কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।