ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 22, 2025 11:29 AM

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ অৰুণাচল প্ৰদেশত ৫ হাজাৰ ১০০ কোটি টকাতকৈও অধিক পৰিমানৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন কৰাৰ লগতে ৩ হাজাৰ ৭০০ কোটি টকা ব্যয় সাপেক্ষ দুটা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। এই কাৰ্যসূচীৰ মাজতে প্রধানমন্ত্ৰীয়ে আন বিভিন্ন প্ৰকল্পৰ লগতে টাৱাঙৰ সীমান্ত জিলাত নিৰ্মাণ কৰিবলগীয়া এটা অত্যাধুনিক সন্মিলন কেন্দ্ৰৰো আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে এহেজাৰ ২৯০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও আন্তঃগাথনি প্রকল্প মুকলি কৰিব। এই প্রকল্পসমূহৰ জৰিয়তে ৰাজ্যখনৰ যোগাযোগ, স্বাস্থ্য, অগ্নি নির্বাপন সেৱাকে ধৰি কেইবাটাও ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ ইটানগৰত এখন ৰাজহুৱা সভাত ভাষণ দিয়াৰ লগতে ৰাজ্যখনৰ স্থানীয় কৰদাতা, ব্যৱসায়ী আৰু উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতেও মত বিনিময় কৰিব।
প্রধানমন্ত্ৰীয়ে আজি ত্ৰিপুৰাত প্রাসাদ আঁচনিৰ অধীনত মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰৰ চৌহদত নতুনকৈ গঢ়ি তোলা বুনিয়াদী সা-সুবিধা আৰু সৌন্দর্যবর্ধন কাৰ্য মুকলি কৰিব। প্রধানমন্ত্ৰীয়ে মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰত পূজা-অৰ্চনা কৰিব ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।