প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি নতুন দিল্লীত আয়োজিত জ্ঞান ভাৰতম্ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ এই সন্মিলনতে পাণ্ডুলিপিৰ ডিজিটেল ৰূপ প্ৰদান, সংৰক্ষণ আৰু জনসাধাৰণৰ বাবে এনে পাণ্ডুলিপি সহজলভ্য কৰি তোলাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উদ্দেশ্যে জ্ঞান ভাৰতম্ নামৰ এখন সুকীয়া ডিজিটেল মঞ্চ মুকলি কৰিব আৰু এটা সমাৱেশতো ভাষণ দিব। পাণ্ডুলিপি ঐতিহ্যৰ মাধ্যমেৰে ভাৰতৰ জ্ঞান ঐহিত্যৰ পুনৰ প্ৰাপ্তি বিষয়বস্তুৰে তিনিদিনীয়া কাৰ্যসূচীৰে কালিৰে পৰা এই সন্মিলন অনুষ্ঠিত হৈছে। ভাৰতৰ অভূতপূৰ্ব পাণ্ডুলিপি সম্পদ ৰাজিক নতুণ প্রাণ দিয়াৰ লগতে ইয়াক গোলকীয়া জ্ঞান আলোচনাৰ কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ বিভিন্ন উপায় সম্পর্কে আলোচনা কৰাৰ উদ্দেশ্যে এই সন্মিলনত আগশাৰীৰ বিদ্বান, সংৰক্ষণবিদ, প্ৰযুক্তিবিদ আৰু নীতি বিশেষজ্ঞসকল একেখন মঞ্চত উপবিষ্ট হৈছে। সন্মিলনৰ লগত সংগতি ৰাখি দুৰ্লভ পাণ্ডুলিপি আৰু পাণ্ডুলিপি সংৰক্ষণ, ডিজিটেল ৰূপ প্ৰদানৰ প্ৰযুক্তি মেটা ডাটা মান, আইনী পৰিকাঠামো সাংস্কৃতিক কূটনীতি আৰু প্ৰাচীন লিপিৰ অৰ্থ নিৰ্ধাৰণৰ দৰে গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বিদ্বানসকলৰ উপস্থাপনৰ এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে ।
Site Admin | September 12, 2025 12:22 PM | PM Modi
নতুন দিল্লীত আজি আয়োজিত জ্ঞান ভাৰতম্ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ
