September 5, 2025 10:47 AM | PM Modi

printer

জি এছ টি ব্যৱস্থাৰ যুক্তিসংগতকৰণক স্বাধীনতা লাভৰ পাছৰ সৰ্ববৃহৎ সংস্কাৰ বুলি অভিহিত প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামগ্ৰী আৰু সেৱাকৰ জি এছ টি ব্যৱস্থাৰ যুক্তিসংগতকৰণক স্বাধীনতা লাভৰ পাছৰে পৰা সৰ্ববৃহৎ সংস্কাৰ বুলি অভিহিত কৰিছে। নতুন দিল্লীত কালি ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্ৰাপক শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে মত-বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে এই পদক্ষেপে বিভিন্ন সামগ্ৰীৰ ওপৰত আৰোপিত কৰ হ্ৰাস কৰি আৰু ৰুটি আৰু জীৱনৰক্ষী ঔষধৰ ওপৰত আৰোপিত কৰ বিলুপ্ত কৰি মধ্যবিত্তক আর্থিকভাৱে সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। তেওঁ কয়, যে ২২ ছেপ্তেম্বৰত নৱৰাত্ৰিৰ প্ৰথম দিনৰ পৰাই এই দুপিয়া কৰ ব্যৱস্থা প্ৰযোজ্য হ’ব আৰু ইয়াৰ সুবাদত এইবেলি ধনতেশ অধিক সজীৱ হৈ উঠিব।

 

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।