ডাউনলোড
মোবাইল এপ

android apple
signal

February 12, 2025 8:35 PM | PM franch visit

printer

যুটীয়াভাৱে ফ্ৰান্সৰ ঐতিহাসিক চহৰ মাৰ্চেত প্ৰথম ভাৰতীয় বাণিজ্যিক দূতাবাস মুকলি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাত্ৰই আজি বিয়লি ফ্ৰান্সৰ ঐতিহাসিক চহৰ মাৰ্চেত প্ৰথম ভাৰতীয় বাণিজ্যিক দূতাবাস যুটীয়াভাৱে মুকলি কৰে। ইয়াৰ পূৰ্বে দুয়োগৰাকী নেতাই চহৰখনৰ প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে লগতে মজাৰগ্যুজ যুদ্ধ সমাধিক্ষেত্ৰত প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈন্যসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। কমলৱেলথ যুদ্ধ সমাধি আয়োগে তদাৰক কৰা এই সমাধিক্ষেত্ৰত এক হাজাৰ ৭০০ ৰো অধিক সৈনিকৰ সমাধি আছে। এই সৈনিকসকলৰ সেৱাৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে ১৯২৫ চনত প্ৰথমবাৰৰ বাবে এটা ভাৰতীয় স্মাৰক মুকলি কৰা হৈছিল। পেৰিছত উচ্চ পৰ্যায়ৰ এলানি কাৰ্যসূচীৰ সামৰণি মাৰি শ্ৰীমোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মাত্ৰআজি পুৱা মাৰ্ছে চহৰত উপস্থিত হয়। মাৰ্ছেত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকক বিপুলভাৱে আদৰণি জনায়।

দুয়োগৰাকী নেতাই ভাৰত আৰু ফ্ৰান্সক সামৰি গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ গোলকীয় উদ্যমৰ অংশ হিচাপে স্থাপন কৰা আন্তৰাষ্ট্ৰীয় তাপনিউক্লিয় পৰীক্ষামূলক ৰিয়েক্টৰ প্ৰকল্পও পৰিদৰ্শন কৰে।
ফ্ৰান্সৰ ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী মোদী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ আমন্ত্রণমৰ্মে দুদিনীয়া ভ্ৰমণসূচীৰে আজি দেশখনলৈ ৰাওনা হব।