প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান- পুছাত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। শ্ৰীমোদীয়ে এই উপলক্ষে আয়োজিত সভাত ভাষণ দিয়াৰ লগতে খাদ্য আৰু শান্তিৰ বাবে প্ৰথম এম এছ স্বামীনাথন বঁটাও প্ৰদান কৰে। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে- চিৰ সেউজ বিপ্লৱ, জৈৱ সুখৰ পথ- যিয়ে সকলোৰে বাবে খাদ্য নিশ্চিত কৰাৰ ক্ষেত্ৰত অধ্যাপক এম এছ স্বামীনাথনৰ জীৱনজোৰা সমৰ্পনক প্ৰতিফলিত কৰে। তেওঁৰ উত্তৰাধিকাৰক সন্মান জনাই ৰিচাৰ্ড ফাউণ্ডেছন আৰু দ্যা ৱৰ্লড একাডেমী অব ছাইন্সে এই বঁটাৰ আৰম্ভণি কৰিছে।
খাদ্য সুৰক্ষা উন্নত কৰা আৰু পিছ পৰা তথা প্ৰান্তীয় সম্প্ৰদায়সমূহৰ বাবে জলবায়ুৰ ন্যায়, সমতা তথা শান্তিৰ ক্ষেত্ৰত অনন্য অৱদান আগবঢে়াৱা উন্নয়নশীল দেশসমূহৰ ব্যক্তিসকলক এই আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হ’ব। এই সন্মিলনত বিজ্ঞানী, নীতি নিৰ্ধাৰক, উন্নয়ন পেছাদাৰী আৰু অন্যান্য অংশীদাৰসকলে সন্মিলনৰ বিষয়বস্তুৰ নীতিসমূহ আগুৱাই নিয়াৰ বিষয়ে আলোচনা কৰাৰ সুযোগ লাভ কৰিব।
সন্মিলনখন উদ্বোধন কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয়, যে আজি এম এছ স্বামীনাথনৰ জন্ম শতবাৰ্ষিকীয়ে এই অনুষ্ঠানতটো অধিক গুৰুত্বপূৰ্ণ কৰি তুলিছে। তেওঁ লগতে কয়, যে ড০ স্বামীনাথনৰ পাণ্ডিত্য আৰু খাদ্য সুৰক্ষা তথা কৃষি গৱেষণাৰ প্ৰতি তেওঁৰ দায়বদ্ধতাক সমগ্ৰ বিশ্বৰ জনসাধাৰণে প্ৰশংসা কৰে। এই সন্মিলনখনত চিৰ সেউজ বিপ্লৱ আৰু জৈৱ সুখ পথৰ গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত আলোচনা কৰা হ’ব বুলিও তেওঁ কয়।