প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুদীর্ঘ ১২৭ বছৰৰ পাছত ভগৱান গৌতম বুদ্ধৰ পৱিত্ৰ পিপৰাহৰা ভগ্নাৱশেষ ভাৰতলৈ ঘূৰাই অনাৰ বিষয়টোৰ আদৰণি জনাইছে। শ্ৰীমোদীয়ে এটা বিবৃতিত ভগৱান বুদ্ধৰ শিক্ষাৰ প্ৰতি ভাৰতৰ গভীৰ শ্ৰদ্ধা তথা দেশৰ আধ্যাত্মিক আৰু ঐতিহাসিক সম্পদসমূহৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰে। দেশৰ বৰ্ণাঢ্য ঐতিহ্যৰ বাবে এয়া অতি আনন্দ আৰু গৌৰৱৰ মুহূর্ত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পিপৰাৱাহ ভগ্নাৱশেষ ১৮৯৮ চনত আৱিস্কাৰ কৰা হৈছিল, কিন্তু ব্ৰিটিছৰ শাসন কালত এই ভগ্নাৱশেষ ভাৰতৰ পৰা লৈ যোৱা হৈছিল। চলিত বৰ্ষৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় নিলামত এই ভগ্নাৱশেষ দেখা পোৱা যায় আৰু ইয়াৰ পাছতে চৰকাৰে ইয়াক দেশলৈ ঘূৰাই অনাটো নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। তেওঁ লগতে এই প্ৰচেষ্টাত অৰিহণা যোগোৱা সকলোকে প্রশংসা কৰে।
Site Admin | July 30, 2025 9:12 PM | PM Buddha
গৌতম বুদ্ধৰ পৱিত্ৰ পিপৰাহৰা ভগ্নাৱশেষ ভাৰতলৈ ঘূৰাই অনাৰ বিষয়টোৰ আদৰণি প্রধানমন্ত্ৰীৰ