মুখ্য সচিবৰ অধ্যক্ষতাত প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়াৰ দ্বিতীয় সংস্কৰণৰ ৰাজ্যিক পৰ্যায়ৰ অনুমোদন আৰু নিৰীক্ষণ সমিতিৰ প্ৰথমলানি বৈঠক অনুষ্ঠিত হয়। সমিতিখনে একীকৃত ৱেব পোৰ্টেলৰ জৰিয়তে দাখিল কৰা ১ লাখ ৮২ হাজাৰ ৬৩২খন আবেদনৰ পৰ্যালোচনা কৰে। সত্যাসত্য নিৰূপণৰ পাছত ২৯ হাজাৰ যোগ্য হিতাধিকাৰীৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। ৰাজ্যখনত এই আঁচনি প্ৰৱৰ্তন হোৱাৰে পৰা ১ লাখ ৬৫ হাজাৰ ৫৪২টা বাসগৃহত আবণ্টন দিয়া হৈছে আৰু ইয়াৰে ১ লাখ ১৯ হাজাৰ ৩৪০টা বাসগৃহৰ কাম সম্পূৰ্ণ হৈছে।
Site Admin | April 9, 2025 7:09 PM | PM Abash jojana
প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়াৰ দ্বিতীয় সংস্কৰণৰ প্ৰথমলানি বৈঠক অনুষ্ঠিত
