ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 21, 2025 6:33 PM | PM

printer

প্রধানমন্ত্ৰীৰ নেতৃত্বত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত আমূল পৰিৱৰ্তন হৈছে বুলি প্রেম সিং তামাঙৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত আমূল পৰিৱৰ্তন হৈছে আৰু অঞ্চলটোত উন্নত পথ, ৰে’ল আৰু বিমান যোগাযোগ ব্যৱস্থা গঢ়ি উঠিছে বুলি ছিকিমৰ মুখ্যমন্ত্ৰী প্রেম সিং তামাঙে উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি গেংটকৰ পলজোৰ ষ্টেডিয়ামত আয়োজিত অষ্টম উত্তৰ-পূব যুৱ মহোৎসৱত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। শ্ৰীতামাঙে উত্তৰ-পূৰ্বাঞ্চলক অষ্ট লক্ষ্মী হিচাপে স্বীকৃতি প্ৰদান আৰু উন্নতি ২০২৪, ষ্টাৰ্ট আপ ইণ্ডিয়া আৰু ষ্টেণ্ডআপ ইণ্ডিয়াৰ লেখীয়া উদ্যমৰ জৰিয়তে অঞ্চলটোলৈ অহৰহ সহায় সমৰ্থন আগবঢ়োৱাৰ বাবে প্রধানমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত এন এছ এছৰ স্বয়ংসেৱক, নেহেৰু যুৱ কেন্দ্ৰ সংগঠনৰ সদস্য আৰু বিষয়াকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৫৫২ গৰাকী অংশগ্ৰহণকাৰীয়ে ভাগ লৈছে।