প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি মহিলাসকলৰ জীবন উন্নত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰি বিজেপি চৰকাৰ মহিলা সৱলীকৰণৰ প্ৰতি উৎসর্গিত বুলি মন্তব্য কৰে। আন্তর্জাতিক নাৰী দিৱস উপলক্ষে গুজৰাটৰ নৱচাৰীত আয়োজিত লাখপতি দিদি সন্মিলনত অংশ লৈ তেওঁ কয় যে ভাৰতে মহিলা নেতৃত্বাধীন উন্নয়নৰ দিশত আগবাঢ়িছে। চৰকাৰে প্ৰতিটো দিশত মহিলাৰ মৰ্যদা আৰু উন্নয়নৰ বাবে গুৰুত্ব প্রদান কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে। মহিলাসকলে বুনিয়াদি অনাময় ব্যৱস্থাৰ সুবিধা লাভ কৰাৰ উদ্দেশ্যে চৰকাৰে দেশত হাজাৰ হাজাৰ শৌচালয় নির্মাণ কৰিছে বুলিও শ্রীমোদীয়ে কয়। তেওঁ কয়, যে ভাৰতীয় মহিলাসকলক এতিয়া বিশ্বজুৰি স্বীকৃতি দিয়া হৈছে। ভাৰতৰ উন্নয়নত মহিলা আত্মসহায়ক গোটসমূহৰ ভূমিকাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে অহা ৫ বছৰত চৰকাৰে মহিলা সৱলীকৰণৰ বাবে ৩ কোটি মহিলাক লাখপতি দিদিৰূপে গঢ়ি তোলাৰ লক্ষ্য নির্ধাৰণ কৰিছে।
বিগত বছৰসমূহত নাৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ সফলতাসমূহ উল্লেখ কৰি তেওঁ কয়, যে মহিলাৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে নতুন অপৰাধ আইন বলবৎ কৰা হৈছে। বিগত বছৰসমূহত দেশৰ প্ৰতিটো খণ্ডত মহিলাৰ অংশগ্ৰহণ উল্লেখযোগ্য বুলিও তেওঁ প্রকাশ কৰে। লাখপতি দিদি সন্মিলনত প্রধানমন্ত্রী শ্রীমোদীয়ে ২৫ হাজাৰ আত্মসহায়ক গোটৰ মাজত ৪৫০ কোটি টকা সাহায্য বিতৰণ কৰে। ইয়াৰ লগতে ৫ গৰাকী লাখপতি দিদিক প্রমাণপত্র প্রদান কৰে।