March 6, 2025 8:21 PM | PM Modi

printer

আন্তঃৰাষ্ট্ৰীয় সমবায় প্ৰতিষ্ঠানসমূহৰ সৈতে অংশীদাৰিত্ব বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সমবায় খণ্ডক প্ৰসাৰিত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সমবায় প্ৰতিষ্ঠানসমূহৰ সৈতে অংশীদাৰিত্ব বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। শ্ৰী মোদীয়ে লগতে সমবায় প্রতিষ্ঠানসমূহৰ জৰিয়তে জৈৱিক সামগ্ৰীসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ গুৰুত্ব সম্পৰ্কেও আলোকপাত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি দেশৰ সমবায় খণ্ডৰ প্ৰগতি সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকৰ সময়ছোৱাত মোদীয়ে ৰপ্তানিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে কৃষি পদ্ধতি উন্নত কৰাৰ বাবে ভূমি পৰীক্ষণৰ আৰ্হি প্ৰস্তুত কৰাৰ পৰামৰ্শও আগবঢ়ায়। প্রধানমন্ত্রীয়ে বিত্তীয় লেনডেনৰ সুবিধাৰ বাবে ইউ পি আইক ৰূপে আৰু কিষাণ ক্রেডিট কাৰ্ডৰ সৈতে একত্ৰিত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।