ডাউনলোড
মোবাইল এপ

android apple
signal

June 6, 2025 12:31 PM | PM 11 saal

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰ ১১ বছৰ সম্পূৰ্ণ কৰাৰ দিশে অগ্ৰসৰ

কেন্দ্ৰত শাসনাধিস্থিতিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে ১১ বছৰ সম্পূৰ্ণ কৰাৰ দিশে অগ্ৰসৰ হৈছে। সেৱা, সুশাসন আৰু গৰীৱ কল্যাণৰ লক্ষ্যৰে অনুপ্ৰাণিত হৈ ভাৰতে বিগত দশকত উল্লেখনীয় ৰূপান্তৰ সাধন কৰিছে। আকাশবাণীৰ বাতৰি বিভাগৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে যোৱা ১১ টা বছৰত গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰিবলৈ প্ৰয়াস কৰা হৈছে। আজি দেশৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ দ্বাৰা ভাৰতীয় সভ্যতাৰ গৌৰৱ পুনৰুদ্ধাৰ সন্দৰ্ভত আলোকপাত কৰা হব।

বিগত দশকটোত ভাৰতৰ সাংস্কৃতিক যাত্ৰা এটা দৃষ্টিনন্দন আল্পনাৰ দৰে ৰঙীণ, পৰম্পৰাক প্ৰতিফলিত কৰা আৰু বিশ্বমুখী আছিল। হাম্পিৰ প্ৰাচীন মন্দিৰৰ পৰা ধ্ৰুপদী সংগীত আৰু নৃত্যৰ প্ৰচলিত পৰম্পৰাক চৰকাৰে নতুন ৰূপত পুনৰুজ্জীৱিত কৰি তুলিছে। অযোধ্যাৰ ৰাম মন্দিৰ জনসাধাৰণৰ ঐতিহাসিক অভিলাষ পূৰণ কৰি দেশৰ বিশ্বাস আৰু ৰাষ্ট্ৰীয় একতাৰ অনন্য প্রতীক হিচাপে পৰিগণিত হৈছে। তদুপৰি বাৰানসীৰ কাশী বিশ্বনাথ ধাম কৰিডৰ প্ৰকল্পই কাশী বিশ্বনাথ মন্দিৰক পৱিত্ৰ গংগা নৈৰ সৈতে সংযুক্ত কৰি তীর্থ যাত্ৰীসকলক অভিনৱ অভিজ্ঞতাৰ স্বাদ দিছে। পাঁচ হাজাৰ কোটি টকা আৱণ্টন কৰা স্বদেশ দৰ্শন আঁচনিয়ে দেশত ৭৬টা প্ৰকল্প ৰূপায়ণেৰে পৰিবহণ আন্তঃগাঁথনিৰ বিস্তৰ ৰূপান্তৰ সাধন কৰিছে। একেদৰে হৃদয় আঁচনিৰ অধীনত ১২ খন ঐতিহ্য নগৰীক বিকশাই তোলাৰ লক্ষ্য লোৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক