June 14, 2025 8:28 PM | Plane Crash

printer

দেশৰ বিমান বহৰৰ অন্তৰ্ভুক্ত বয়িং 787 শ্ৰেণীৰ ৩৪ খন বিমানৰ বিস্তৃত নীৰিক্ষণৰ নিৰ্দেশ অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ

কেন্দ্ৰীয় অসামৰিক বিমান পৰিৱহন বিভাগৰ মন্ত্ৰী কে ৰাম মোহন নাইডুয়ে আজি ভাৰতত বৰ্তমান ব্যৱহৃত ৩৪ খন বয়িং 787 বিমানৰ পৰীক্ষা কৰিবলৈ অসামৰিক বিমান সেৱা সঞ্চালকালয়ক নিৰ্দেশ দিছে৷ ইয়াৰে ৮ খন বিমানৰ তৎকালীনভাৱে পৰীক্ষা কৰা হৈছে বুলিও মন্ত্ৰীজনে জানিবলৈ দিছে। আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীজনে কয় যে আহমেদাবাদৰ বিমান দূৰ্ঘটনাটোৰ তদন্তৰ বাবে ইতিমধ্যে গৃহ সচিবৰ নেতৃত্বত এখন উচ্চস্তৰীয় সমিতি গঠন কৰা হৈছে।

দূৰ্ঘটনাগ্রস্ত বিমানখনৰ ব্লেক বক্সটো উদ্ধাৰ হৈছে আৰু ইয়াৰ সহায়ত তদন্তৰ বাবে বিমানখনৰ সৈতে জড়িত সকলো তথ্য লাভ কৰিব পৰা যাব বুলি মন্ত্ৰীজনে সাংবাদিকৰ আগত প্ৰকাশ কৰে। শ্ৰী নাইডুৱে কয়, যে দূৰ্ঘটনাটোৰ উদ্ধাৰ অভিযান এতিয়াও পূর্ণোদমে চলি আছে। নিহত লোকসকলক চিনাক্ত কৰি পৰিয়ালক চমজাই দিবলৈ DNA টেষ্টৰ সহায় লোৱা হৈছে বুলিও মন্ত্ৰীজনে জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।