ৰাজ্যত চলিত বছৰতে ২০৬ কিলোমিটাৰৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ’বঃ পীযূষ হাজৰিকা

ৰাজ্যত চলিত বছৰতে ২০৬ কিলোমিটাৰৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ’ব। দিছপুৰত কালি অনুষ্ঠিত জলসম্পদ বিভাগৰ এখন গুৰুত্বপূর্ণ বৈঠকত বিভাগীয় মন্ত্রী পীযূষ হাজৰিকাই এই সন্দৰ্ভত অনুমোদন পোৱা বুলি প্ৰকাশ কৰে। জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাসকল উপস্থিত থকা এই বৈঠকত শেহতীয়াকৈ বানত ছিগা আৰু ক্ষতিগ্রস্ত মথাউৰিসমূহ খৰতকীয়াকৈ মেৰামতি কৰাৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। এই বৈঠকত প্ৰতিটো সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাসকলেও টেলিফোনযোগে অংশগ্ৰহণ কৰে। মন্ত্ৰী হাজৰিকাই পানী শুকোৱাৰ লগে লগে ছিগা মথাউৰিসমূহৰ শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি বানৰ পাছত হ’ব পৰা খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবেও সাজু থাকিবলৈ তেওঁ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে। খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় অনুসৰি পাৰ্কুপাইন, বালিৰ বেগ, জিঅ’ বেগ আদি মজুত কৰি ৰখাতো মন্ত্ৰীগৰাকীয়ে মন্তব্য দিয়ে।