জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি জাগীৰোড-মৰিগাঁও সংযোগী পথৰ কপিলী নৈৰ ওপৰত নির্মীয়মাণ দলঙৰ কাম-কাজ পৰিদৰ্শন কৰে। তেওঁ লগতে দলংখনৰ কামসমূহ যাতে সুচাৰুৰূপে সম্পন্ন হয়, তাৰবাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে। জাগীৰোড আৰু মৰিগাঁওবাসীৰ যাতায়াত-যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত থকা অসুবিধাসমূহ দূৰ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অহা ১ ফেব্ৰুৱাৰীত এই দলংখন উদ্বোধন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
Site Admin | January 21, 2025 7:06 PM | piyush hazarika kapili bridge visit
জাগীৰোড-মৰিগাঁও সংযোগী পথৰ কপিলী নৈত নির্মীয়মাণ দলঙৰ কাম-কাজ পৰিদৰ্শন জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাৰ