ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 10, 2024 12:35 PM | piyush hazarika

printer

জলসম্পদ বিভাগৰ সকলো অভিযন্তাৰ সৈতে পীযূষ হাজৰিকাৰ পর্যালোচনা বৈঠক

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি জনতা ভৱনৰ নিজৰ কাৰ্যালয়ৰ পৰা ভিডিঅকনফাৰেন্সিং ব্যৱস্থাৰে বিভাগৰ সকলো অভিযন্তাৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাকে ধৰি অন্যান্য অভিযন্তাৰ সৈতে বিভাগীয় কামকাজৰ পৰ্যালোচনা কৰে। শ্ৰী হাজৰিকাই জলাশয় উন্নয়নৰ কামৰ পৰ্যালোচনা কৰি নদীৰ সৈতে সংলগ্ন নির্দিষ্ট কিছুমান জলাশয় বাচনি কৰি বান নিয়ন্ত্ৰণৰ সহায়ক হোৱাকৈ উন্নয়ন কৰিবলৈ নির্দেশ দিয়ে। জলসম্পদ বিভাগে প্রাথমিক পর্যায়ত এনে ৯টা দলাশয় বাচনি কৰি ক্ষেত্র অধ্যয়ন কৰি আছে। বৈঠকত জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে, খৰালিৰ সময়ত ৰাজ্যত প্ৰায় ২২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰি নিৰ্মাণ কৰা হব। বিভাগীয় অভিযন্তা-কৰ্মচাৰীসকলৰ শলাগ লৈ শ্ৰী হাজৰিকাই কয় যে, তেওঁলোকৰ সবল ভূমিকাৰ বাবেই এইবাৰ ৰাজ্যত বানৰ প্ৰকোপ তুলনামূকভাৱে কম হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।