ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 23, 2024 6:59 PM | piyush hazarika

printer

নগাঁৱত জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে পীযূষ হাজৰিকাৰ বৈঠক

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি নগাঁৱত উপস্থিত হৈ জিলাখনৰ বান পৰিস্থিতিৰ বুজ লয়। জিলাখনৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে আজি জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে এখন পর্যালোচনা বৈঠকতো অংশ লয়। বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে, শীঘ্ৰে বানত ক্ষতিগ্রস্তসকলকো সাহায্য প্ৰদান কৰা হ’ব। তেওঁ কয় যে জিলাখনৰ চাৰি লাখ লোক আৰু ৪৫০ টা বাসগৃহ এই বানত ক্ষতিগ্ৰস্ত হৈছে। বাৰিষাৰ পাছতে জিলাখনৰ কামপুৰৰ চাংচকীত উন্নত প্রযুক্তিৰে মথাউৰি নিৰ্মাণ কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি প্ৰধানমন্ত্রী আবাস যোজনাৰ অধীনত পৰৱৰ্তী সময়ত জিলাখনত ৬০ হাজাৰ গৃহ নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে নগাঁও পৌৰসভাৰ অন্তৰ্গত ৰত্নকান্ত বৰকাকতি হাইস্কুলৰ বান শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ অভাৱ-অভিযোগৰ বুজ লয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।