October 17, 2025 8:31 PM | Piyshu gowel

printer

শেহতীয়া কেইটামান বছৰত দেশৰ আমূল পৰিৱৰ্তন হোৱা বুলি দাবী পীযূষ গোৱেলৰ

বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেলে শেহতীয়া কেইটামান বছৰত দেশৰ আমূল পৰিৱৰ্তন হোৱা বুলি দাবী কৰিছে। নতুন দিল্লীত আয়োজিত এছোচেমৰ বাৰ্ষিক সম্মিলন আৰু ১০৫ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে দেশে এতিয়া যিকোনো আলোচনা সবল স্থিতিৰে অংশগ্ৰহণ কৰিবলৈ লৈছে আৰু ইয়াৰ পৰা দেশৰ বৰ্ধিত আর্থিক আত্মবিশ্বাস আৰু গোলকীয় পৰ্যায়ত দেশৰ বৰ্ধিত মর্যাদা প্রতিফলিত হৈছে। শ্রীগোৰেলে কয় যে সমগ্ৰ বিশ্বৰ সম্প্রতি ভাৰতবৰ্ষ গুৰুত্বপূর্ণ বাণিজ্যিক সহযোগী আৰু কাম কৰাৰ বাবে বিশ্বাসযোগ্য দেশৰূপে গণ্য কৰিবলৈ লৈছে। মৰিছাছ, অস্ট্রেলিয়া, সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ আৰু ইউৰোপীয় মুক্ত বাণিজ্য সংস্থাৰ সদস্যৰাষ্ট্ৰসমূহৰ সৈতে স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তিৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিয়ে বিশ্বৰ সৈতে দেশৰ ব্যৱসায়িক সম্পর্ক এটা নতুন অধ্যায়ৰ সূচনা কৰিছে। তেওঁ আৰু কয় যে এই চুক্তিসমূহে উচ্চ আয়ৰ বজাৰ সুনিশ্চিত কৰিছে আৰু বিনিয়োগত উদগণি যোগোৱাৰ লগতে উন্নত প্ৰযুক্তিৰ প্রবাহ নিশ্চিত কৰি ভাৰতীয় ৰপ্তানিকাৰীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।