অসমৰ কৃষি, ৰেচম, খাদ্য প্ৰ-সংস্কৰণ, মীন পালন, জলজ কৃষিৰ লগতে কেইবাটাও খণ্ডত বিনিয়োগৰ ব্যাপক সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। তেওঁ অধিক সংখ্যক পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ সমীপত হেলিপেড স্থাপন কৰিবলৈ পৰামৰ্শ দিয়ে। কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে নতুন দিল্লীত বিনিয়োগকাৰী শীৰ্ষ সন্মিলন-এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ সন্দৰ্ভত ৩৭ খনতকৈ অধিক দেশৰ ৰাষ্ট্রদূত আৰু বাণিজ্যিক প্রতিনিধিক সাক্ষাৎ কৰাৰ পাছত তেওঁ এই মন্তব্য কৰে। শ্ৰী গোৱেলে কয়, যে বিগত ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ ইতিবাচক ৰূপান্তৰ ঘটাৰ লগতে ৰে‘লপথ, বিমান আৰু জলপথেৰে যোগাযোগ, ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত অঞ্চলটো বিনিয়োগকাৰীসকলৰ বাবে উত্তম লক্ষ্যস্থান হিচাপে পৰিগণিত হৈছে। মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড° শৰ্মাক তেওঁৰ নেতৃত্বদানৰ ক্ষমতা আৰু কৰ্মনিষ্ঠাৰ বাবে প্ৰশংসা কৰে। কালি ৰাষ্ট্ৰদূতসকলৰ সৈতে সাক্ষাৎকালত ড° শৰ্মাই কয়, যে এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে চুবুৰীয়া দেশসমূহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত অসম, দেশৰ এক্ট ইষ্ট নীতিৰ গুৰুত্বপূৰ্ণ অংশ। বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্যত বিনিয়োগৰ অপাৰ সম্ভাৱনাৰ বিষয়ে অৱগত কৰে। তেওঁ লগতে ৰাষ্ট্রদূত আৰু বাণিজ্যিক প্ৰতিনিধিসকলক এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ আৰু সীমাহীন সুযোগৰ অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনায়।
Site Admin | January 8, 2025 1:24 PM | piyush gowel
অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ সমীপত হেলিপেড স্থাপনৰ পৰামৰ্শ পীয়ুষ গোৱেলৰ
