২০৪৭ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি চাৰি ত্ৰিলিয়ন ডলাৰৰ পৰা ৩২ ত্ৰিলিয়ন ডলাৰলৈ ৰূপান্তৰ কৰাৰ উদ্দেশ্যে কৌশলগতভাৱে নীতি নিৰ্ধাৰণ কৰা হৈছে বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে মতপ্রকাশ কৰিছে। বাংগালুৰুত আজি আই আই টি মাদ্ৰাজৰ সংগম ২০২৫ শীর্ষক গোলকীয় উদ্ভাৱন আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলৰ শীৰ্ষ সন্মিলনত অংশ লৈ তেওঁ এইদৰে কয়। শ্ৰী গোৱেলে কয়, যে চৰকাৰৰ দূৰদৰ্শী নীতিৰ বাবে ইতিমধ্যে ভাৰত বিশ্বৰ পঞ্চম সর্বোচ্চ অর্থনীতি হিচাপে পৰিচিত হৈছে আৰু ২০২৮ চনৰ ভিতৰ বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থনীতি হিচাপে পৰিগণিত হ’ব। ভাৰত সম্প্ৰতি বিশ্বৰ সবাটোকৈ দ্রুত বিকশিত অর্থনীতি বুলি শ্রী গোৱেলে উল্লেখ কৰে। তেওঁ লগতে কয়, যে চৰকাৰৰ নীতি আৰু ইয়াৰ কাৰ্যসূচীসমূহৰ বাবে ভৱিষ্যতৰ ভাৰত প্রযুক্তি আধাৰিত ভাৰত হিচাপে গঢ় লৈ উঠাৰ লগতে কৃত্রিম বুদ্ধিমত্তা, কোৱাণ্টাম কম্পিউটিং আৰু প্ৰযুক্তিগত খণ্ডতো ভাৰতে নেতৃত্ব প্ৰদান কৰিব। উদ্ভাৱনৰ ক্ষেত্ৰখনক বিকশাই তোলাৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ বিষয়ে আলোকপাত কৰি শ্ৰী গোৱেলে কয়, যে দীপটেক ব্যৱস্থাক বিকশিত কৰি তোলাৰ বাবে বাজেটত ১০ হাজাৰ কোটি টকাৰ অনুমোদন দিয়া হৈছে। তদুপৰি উদ্ভাৱন আৰু প্ৰযুক্তিগত খণ্ডত সমৰ্থন আগবঢ়াই যোৱাৰ উদ্দেশ্যে অতিৰিক্ত ১০ হাজাৰ কোটি টকা অনুমোদন দিয়া হৈছে বুলি তেওঁ কয়। বিগত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ বাবে এক লাখ কোটি টকা মঞ্জুৰ কৰা হৈছে বুলিও শ্রী গোৱেলে উল্লেখ কৰে। প্ৰযুক্তিগত উদ্ভাৱনক উৎসাহিত কৰাৰ উদ্দেশ্যে অহা ৫০ বছৰৰ বাবে সুদ বিহীন ঋণ হিচাপে এই ধনৰ অনুমোদন জনোৱা হৈছে।
Site Admin | July 5, 2025 8:36 PM | Piyshus gowel
২০৪৭ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি ৩২ ত্ৰিলিয়ন ডলাৰলৈ ৰূপান্তৰৰ নীতি নিৰ্ধাৰণ- পীয়ুষ গোৱেল
