ডাউনলোড
মোবাইল এপ

android apple
signal

August 29, 2025 8:27 PM | Piush gowel

printer

বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ উদ্যোগ জগতক আহ্বান পীয়ুষ গোৱেলৰ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে চৰকাৰৰ গৱেষণা উন্নয়ন আৰু উদ্ভাৱন আঁচনিৰ জৰিয়তে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ উদ্যোগ জগতক আহ্বান জনাইছে। আজি নতুন দিল্লীত ১৭ সংখ্যক চি আই আই গ্লোবেল মেডটেক সন্মিলনত শ্রীগোৱেলে ভাৰতীয় ভেষজ উদ্যোগক কোভিড-১৯ মহামাৰীৰ সময়ত প্ৰদৰ্শন কৰা সেৱাক প্ৰশংসা কৰে। তেওঁ লগতে ভাৰতক স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তোলা বাবে এই উদ্যোগটোক প্ৰশংসা কৰে। শ্ৰীগোৱেলে ভাৰতৰ লগতে বিশ্বত উন্নত মানৰ আৰু সহজলভ্য স্বাস্থ্য সেৱা প্ৰদানৰ ক্ষেত্ৰত ভেষজ উদ্যোগক চৰকাৰে সম্পূৰ্ণ সহায়- সহযোগিতা আগবঢ়াব বুলি দিয়াৰ প্ৰতিশ্ৰুতিৰ ওপৰতো আলোকপাত কৰে।