দেশৰ লোকসকল সুস্থ হ’লেহে অহা ২৫ বছৰত ভাৰতে ৩০ ত্রিলিয়ন ডলাৰৰ অৰ্থনীতি হোৱাৰ লক্ষ্যৰ পূৰণত সফল হ’ব বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে মন্তব্য কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত বিশ্ব স্বাস্থ্য সন্মিলনত ভাষণ দি শ্রীগোৱেলে কয় যে চৰকাৰৰ সকলোবোৰ উদ্যম আৰু আঁচনি দেশৰ জনসাধাৰণৰ স্বাস্থ্য তথা সামগ্রিক বিকাশৰ লক্ষ্যৰে ৰূপায়ণ কৰা হৈছে। তেওঁ কয়, যে ব্যয়সাধ্য বাসগৃহ, বিশুদ্ধ খোৱাপানী, ৰন্ধন গেছৰ সংযোগ, উন্নত শিক্ষাৰ সুবিধাৰ জৰিয়তে সকলো ভাৰতীয়ৰ জীৱন- ধাৰণৰ মান উন্নত কৰিছে। চৰকাৰৰ আদৰ্শ জনসাধাৰণৰ সামগ্ৰিক বিকাশ অথবা মানৱতাবোধৰ ওপৰতেই আধাৰিত বুলি শ্রীগোৱেলে কয়। স্বাস্থ্য যতন খণ্ডত গোলকীয় সহযোগিতা সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে বিগত কিছু বছৰৰ পৰা বিশ্বৰ যিকোনো ৰাষ্ট্ৰই সন্মুখীন হোৱা যিকোনো ধৰণৰ দুৰ্যোগ অথবা স্বাস্থ্য বিষয়ক সমস্যাৰ ক্ষেত্ৰত ভাৰত তাৎক্ষণিকভাৱে সঁহাৰি জনোৱা প্ৰথমখন দেশ হিচাপে বিবেচিত হৈ আহিছে।
Site Admin | April 28, 2025 12:46 PM | Piyash gowel
দুৰ্যোগ অথবা স্বাস্থ্য বিষয়ক সমস্যাৰ ক্ষেত্ৰত ভাৰত তাৎক্ষণিকভাৱে সঁহাৰি জনোৱা প্ৰথমখন দেশ হিচাপে বিবেচিত- পীয়ুষ গোৱেল
