ভাৰত বহনক্ষমতা বিষয়ক প্ৰতিশ্ৰুতিৱদ্ধতা পূৰণৰ ক্ষেত্ৰত জি টুৱেণ্টি দেশসমূহৰ ভিতৰত অন্যতম বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে প্রকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰতীয় উদ্যোগ সংঘৰ কুৰিসংখ্যক গোলকীয় বহনক্ষমতা শীৰ্ষ সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। শ্রীগোৱেলে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলন কপ্ টুৱেণ্টি ৱান সফল কৰি তোলাত নির্ণায়ক ভূমিকা পালন কৰিছে। তেওঁ কয়, যে ভাৰত বহনক্ষম বিকাশৰ লক্ষ্যৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। ভাৰতে এনে প্ৰতিশ্ৰুতিৰ অংশ হিচাপে ২০১৪ চনৰ পাছত নৱীকৰণযোগ্য শক্তিৰ লক্ষ্য ৫ গুণ বৃদ্ধি কৰি আৰু এখন ৰাষ্ট্র-এটা নীতিৰ অধীনত এটা আন্তঃসংযোজিত ৰাষ্ট্ৰীয় গ্রীড সফলতাৰে গঢ়ি তুলিছে বুলি শ্রীগোৱেলে জানিবলৈ দিয়ে। শক্তি খণ্ডত দেশৰ সাফল্যৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতে নিৰ্ধাৰিত সময়ৰ পূৰ্বেই নৱীকৰণযোগ্য শক্তিৰ লক্ষ্যত উপনীত হৈছে আৰু ৫০ শতাংশ নৱীকৰণযোগ্য শক্তি সামর্থ্য ইতিমধ্যে গঢ়ি তোলা হৈছে। ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট অনা-জীৱাষ্ম ইন্ধন উৎপাদন সামর্থ্য গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Site Admin | September 2, 2025 8:32 PM | Piyash gowel
ভাৰত বহনক্ষমতা বিষয়ক প্ৰতিশ্ৰুতিৱদ্ধতা পূৰণৰ ক্ষেত্ৰত জি টুৱেণ্টি দেশসমূহৰ ভিতৰত অন্যতম বুলি পীয়ুষ গোৱেলৰ প্রকাশ
