স্বাস্থ্যবান অসম গঢ়াৰ লক্ষ্যৰে চৰকাৰৰ নিৰ্দেশ অনুসৰি স্বাস্থ্য বিভাগে ৰূপায়ণ কৰা শুশ্রুষা সেতু কাৰ্যসূচীৰ অধীনত আজি মৰিগাওঁত এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। মন্ত্রী পিযুষ হাজৰিকা, জিলা আযুক্ত অনামিকা তিৱাৰী, মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, জাগীৰোড সমজিলাৰ আয়ুক্তকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে এই শিবিৰত অংশগ্ৰহণ কৰে। জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই শিবিৰত ১৮ বছৰ বয়সৰ তলৰ শিশু আৰু কিশোৰ-কিশোৰীক বিশেষ গুৰুত্ব দিয়া হয়। শিবিৰত স্বাস্থ্য পৰীক্ষা, ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ সুবিধা দিয়া হৈছে।
ধেমাজী জিলাৰ চিচিবৰগাওঁ বিধানসভা সমষ্টিতো আজি এই স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। সমষ্টিটোৰ অন্তৰ্গত চিচিবৰগাওঁ চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰত ১৮ বছৰ অনুর্ধ লৰা ছোৱালীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। স্বাস্থ্য শিবিৰটো লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱাই উদ্বোধন কৰে।
বজালীতো জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগৰ সহযোগত স্বাস্থ্য শিবিৰৰ অনুষ্ঠিত কৰা হৈছে। পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি এই শিবিৰ মুকলি কৰে। উদ্বোধনী সভাত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ জৰিয়তে অসমত এখন স্বাস্থ্যবান সমাজ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হৈছে। ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিত এই শিবিৰ আয়োজন কৰা হৈছে।