ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 27, 2025 11:55 AM | pijush pabitra nazira

printer

নাজিৰাৰ নাহৰগুৰি হাবিগাঁও খেলপথাৰত ডেঞ্চি, দৈখনা আৰু নামদাং নৈৰ খনন আঁচনিৰ শুভাৰম্ভ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি নাজিৰাৰ নাহৰগুৰি হাবিগাঁও খেলপথাৰত ডেঞ্চি, দৈখনা আৰু নামদাং নৈৰ খনন আঁচনিৰ শুভাৰম্ভ কৰে। ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ ৮ কোটি টকাৰে জলসম্পদ বিভাগে এই খনন কার্য সম্পন্ন কৰিবলৈ লৈছে। জলসম্পদ মন্ত্ৰীগৰাকীয়ে খনন কাৰ্যৰ শুভাৰম্ভ কৰি কয়, যে এই এলেকাত কাষৰীয়া পাহাৰৰ পৰা বোকা-মাটি খহি অহাৰ ফলত নৈকেইখনত পানীৰ বহনক্ষমতা হ্ৰাস পাইছিল আৰু খেতিপথাৰত পলস পৰিছিল। সেয়েহে নৈকেইখন খনন কৰি পানীৰ চলাচল পূৰ্বৰ দৰে কৰি তোলাৰ লগতে কৃষিকাৰ্য সুচল কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰ ফলত নাজিৰাৰ গেলেকী, ন-পুখুৰী, পিয়লি ফুকন আৰু ৰজাভেটা গাঁও পঞ্চায়তৰ কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে সন্মুখীন হৈ অহা বানৰ সমস্যা সমাধান হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে । তেওঁ লগতে দিখৌ নৈৰ ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।