ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দক্ষিণ শালমৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কোকৰাদাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযূষ হাজৰিকাৰ

জলসম্পদ বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি দক্ষিণ শালমৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী কোকৰাদাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ লোকসকলৰ আবেদন মৰ্মে খহনীয়া হৈ থকা স্থানৰ প্ৰায় ৫০০ মিটাৰ অংশত স্থায়ী প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা হব বুলি আশ্বাস দিয়ে। ইয়াৰ বাবে জিঅ’ মেগা টিউবৰ সহায়ত কাম আৰম্ভ কৰিবলৈ তেওঁ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে। আমাৰ মানকাচৰৰ সংবাদদাতাই জনোৱা মতে কোকৰাডাঙাৰ প্ৰায় ৪০০ মিটাৰ অংশত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়াই বৃহত্তৰ অঞ্চলটোৰ উপৰি সীমান্ত সংযোগী পথলৈ ভাবুকি কঢ়িয়াই আনিছে। শীঘ্ৰেই স্থায়ীভাৱে খহনীয়া প্ৰতিৰোধৰ কাম সম্পন্ন হ’লে অঞ্চলটোৰ লোকসকলে যথেষ্ট সকাহ পাব৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।