ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যৰ মথাউৰিসমূহৰ ৩৩১টা দুর্বল স্থান ক্ষিপ্ৰতাৰে মেৰামতি কৰিবলৈ বিভাগৰ অভিযন্তা-বিষয়াক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নিৰ্দেশ

জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই কালি ৰাজ্যৰ মথাউৰিসমূহৰ ৩৩১ টা দুর্বল স্থান ক্ষিপ্ৰতাৰে মেৰামতি কৰিবলৈ বিভাগৰ অভিযন্তা বিষয়া-বৰ্গক কঠোৰ নিৰ্দেশ দিয়ে। তেওঁ লগতে কয়, যে ৰাজ্য চৰকাৰে বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে আধুনিক প্রযুক্তিৰে নতুন মথাউৰি নিৰ্মাণ কৰি প্ৰতিৰোধী কাম অব্যাহত ৰাখিছে। মন্ত্ৰী শ্ৰী হাজৰিকাই কালি জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে জনতা ভৱনত এখন বৈঠকত মিলিত হৈ এই প্ৰতিৰোধী ব্যৱস্থা সন্দৰ্ভত বুজ লয়। প্ৰতিখন জিলাৰ অভিযন্তাসকলে এই বৈঠকত ভার্চুৱেলী অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে বৈঠকত ৰাজ্যৰ বান, খহনীয়া সমস্যা প্ৰতিৰোধৰ বাবে চলি থকা প্রকল্পসমূহৰ বৰ্তমানৰ স্থিতি, অগ্রগতি সন্দৰ্ভত পর্যালোচনা কৰে। প্ৰত্যেকখন জিলালৈ পৰ্যাপ্ত সামগ্ৰী প্ৰেৰণৰ ক্ষেত্ৰতো তেওঁ বৈঠকত গুৰুত্ব আৰোপ কৰে। তেওঁ চৰকাৰী আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰী ধনৰ যাতে অপচয় নহয়, সেই দিশত সজাগ হ’বলৈ বিষয়াসকলক আহ্বান জনায়। বৈঠকখনত জলসম্পদ বিভাগৰ মুখ্য সচিব চৈয়দ্দিন আববাছি, মুখ্য অভিযন্তা ভাস্কৰ শৰ্মা সহ অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল।

অধিক পঢ়ক

সকলো চাওক