খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগে কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক ৰাজহুৱা বিতৰণৰ কাম-কাজ সন্দৰ্ভত দেশজোৰা ক্ষেত্ৰ পৰ্যায়ৰ এক বিস্তৃত মূল্যায়ন প্রতিবেদন দাখিল কৰিছে ৷ দেশৰ ১১২খন অভিলাষী জিলাত এই মূল্যায়ন কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে ক্ৰয়, সংৰক্ষণ আৰু অভিযোগ নিষ্পত্তিকে ধৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ মূল দিশসমূহ সুচল কৰা। গ্রাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই মূল্যায়নত ডিপো আৰু ক্ৰয় কেন্দ্রসমূহ ভ্রমণ তথা হিতাধিকাৰী আৰু অভিযোগ আবেদনকাৰীৰ সৈতে হোৱা মত বিনিময়ত গুৰুত্ব দিয়া হৈছিল। মূল্যায়নত ২৭৭খন সুলভ মূল্যৰ দোকান সামৰি লোৱা হৈছিল। ব্যৱস্থাগত উন্নতিৰ সুযোগ চিনাক্ত কৰিবলৈ মূল্যায়নৰ সময়চোৱাত জিলা প্ৰশাসন আৰু বিষয়াসকলৰ সৈতে আলোচনা কৰা হয়। মন্ত্রালয়ে কয়, যে বিভাগটোৱে এতিয়া সেৱা প্ৰদান ব্যৱস্থা শক্তিশালী কৰা, স্থানীয়ভাৱে সজাগতা অভিযান আৰম্ভ কৰা আৰু মূল্যায়নত সামৰি লোৱা জিলাসমূহৰ আন্তঃগাঁথনি আৰু মজুতকৰণৰ সুবিধাসমূহ উন্নীতকৰণত গুৰুত্ব আৰোপ কৰিব। অভিযোগ নিৰাময়ৰ বাবে বিভাগে ৰাজ্য চৰকাৰসমূহৰ সৈতে ঘনিষ্ঠভাৱে সহযোগিতা কৰিব আৰু সময়োপযোগী আৰু ফলপ্রসূ ব্যৱস্থা গ্ৰহণ নিশ্চিত কৰিবলৈ কৃত্রিম বুদ্ধিমত্তাভিত্তিক ব্যৱস্থা ব্যৱহাৰ কৰি হিতাধিকাৰীৰ মতামত সংগ্ৰহ কৰিব।
Site Admin | September 5, 2025 11:10 AM | Poholad joshi
প্রহ্লাদ যোশীক ৰাজহুৱা বিতৰণৰ কাম-কাজ সন্দৰ্ভত দেশজোৰা ক্ষেত্ৰ পৰ্যায়ৰ এক বিস্তৃত মূল্যায়ন প্রতিবেদন দাখিল
