ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেও আৰ মাৰ্কোছ জুনিয়ৰ ৫ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি সন্ধিয়া নতুন দিল্লীত উপস্থিত হ’ব। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁৰ পত্নী লুইছ আৰানেটা মাৰ্কোছ আৰু কেইবাগৰাকীও কেবিনেট মন্ত্রী, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায়িক প্ৰতিনিধিৰ এটা উচ্চ পৰ্যায়ৰ দলো আহিব। উল্লেখযোগ্য যে ফিলিপিনছৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীমাৰ্কোছৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিলিপিনছৰ ৰাষ্ট্ৰপতিগৰাকী দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। শ্রীমার্কোছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুকো সাক্ষাৎ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয় শংকৰেও ৰাষ্ট্ৰপতি মাৰ্কোছক সাক্ষাৎ কৰাৰ কথা। ফিলিপিনছলৈ উভতি যোৱাৰ পূৰ্বে শ্রী মাৰ্কোছ বেংগালুৰুলৈ যাব। উল্লেখযোগ্য যে ভাৰত আৰু ফিলিপিনছৰ মাজত ১৯৪৯ চনৰ নৱেম্বৰত কূটনৈতিক সম্পৰ্ক গঢ় লৈ উঠিছিল। তেতিয়াৰে পৰা দেশ দুখনৰ মাজত ব্যৱসায়, বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, সামুদ্রিক সহযোগিতা, কৃষি, স্বাস্থ্যসেৱা, ডিজিটেল প্রযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত বন্ধুত্বপূর্ণ সম্পর্ক আছে। ভাৰতৰ আছিয়ানৰ সৈতে থকা সৰ্বাত্মক কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে ফিলিপিনছৰ সৈতেও আঞ্চলিক পৰ্যায়ৰ বিভিন্ন দিশত বন্ধুত্বপূর্ণ সম্পর্ক আছে। এক্ট-ইষ্ট নীতি, মহাসাগৰ, ভাৰত-প্রশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ ক্ষেত্ৰত ফিলিপিনছৰ সৈতে থকা ভাৰতৰ সম্পৰ্ক বিশেষভাৱে গুৰুত্বপূৰ্ণ। ভাৰত-ফিলিপিনছৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ এইবাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ব। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্রমণে দ্বিপাক্ষিক সহযোগিতা আৰু পাৰস্পৰিক স্বার্থজড়িত আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ক্ষেত্ৰত থকা দেশ দুখনৰ মাজৰ সম্পৰ্কৰ্ক আৰু অধিক শক্তিশালী কৰাৰ সুযোগ দিব বুলি আশা কৰা হৈছে।
Site Admin | August 4, 2025 6:04 PM | Akashvani News | Ferdinand R. Marcos Jr. | India-Philippines | Philippines | Philippines President
ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেও আৰ মাৰ্কোছ জুনিয়ৰ ৫ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি সন্ধিয়া নতুন দিল্লীত উপস্থিত হ’ব
