বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে বিশ্বৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ জটিলতা, কেন্দ্ৰীভূত যোগান শৃংখলা, ব্যৱসায় আৰু বাণিজ্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ তথা তথ্য প্ৰৱাহৰ স্বচ্ছতাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে। দক্ষিণ আফ্ৰিকাৰ জোহান্সবার্গত অনুষ্ঠিত জি-টুৱেণ্টি বিদেশ মন্ত্রী সন্মিলনত কালি তেওঁ কয়, যে কৃত্রিম বুদ্ধিমত্তা আৰু বৈদ্যুতিক বাহন, মহাকাশ, ড্র’ন বা সেউজ হাইড্ৰ’জেনৰ পাৰ্থক্যমূলক বিকাশে ভূ-ৰাজনৈতিক প্ৰভাৱৰ দিশবোৰ স্পষ্ট কৰে। গোলকীয় ঘাটি বন্ধ কৰিবলৈ বহুপক্ষবাদৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি তেওঁ কয়, যে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা কম অস্বচ্ছ বা একপক্ষীয় হ’ব লাগিব আৰু গোলকীয় বিষয়বোৰ মুষ্টিমেয় একাংশৰহে স্বার্থ বা হিতৰ বিষয় হ’ব নালাগিব। তেওঁ জোৰ দিয়ে যে, মতানৈক্য বিবাদলৈ, বিবাদ সংঘাতলৈ আৰু সংঘাত বিভাজনলৈ ৰূপান্তৰ হ’ব নালাগে। শ্ৰীজয়শংকৰে লগতে কয়, যে পশ্চিম এছিয়া অঞ্চলত শান্তি বৰ্তাই ৰখাটো সমগ্ৰ বিশ্বৰ বাবে গুৰুত্বপূৰ্ণ। ইপিনে ইউক্রেইনৰ সংঘৰ্ষ সন্দৰ্ভত তেওঁ মন্তব্য কৰে যে ভাৰতে সদায় আলোচনা আৰু কূটনীতিৰ পোষকতা কৰি আহিছে। ইপিনে, মন্ত্ৰীগৰাকীয়ে কালি জোহান্সবার্গত ৰাছিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সৰ্গই লাৱৰোভক সাক্ষাৎ কৰে। দুয়োগৰাকী মন্ত্ৰীয়ে ভাৰত-ৰাছিয়াৰ দ্বিপাক্ষিক সম্পৰ্কৰ নিৰন্তৰ অগ্ৰগতিৰ দিশটো পৰ্যালোচনা কৰে। সামাজিক মাধ্যমযোগে ড° জয়শংকৰে প্ৰকাশ কৰে, যে ইউক্রেইনৰ সংঘৰ্ষৰ শেহতীয়া পৰিস্থিতিৰ বিষয়টোৱেও আলোচনাত স্থান পায়। মন্ত্ৰীগৰাকীয়ে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি ছিৰিল ৰামফোছাকো কালি সাক্ষাৎ কৰে। দক্ষিণ আফ্ৰিকাৰ জি-টুৱেণ্টি অগ্ৰাধিকাৰৰ বিষয়টোত ভাৰতে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও ড° জয়শংকৰে আশ্বাস দিয়ে।
Site Admin | February 21, 2025 11:12 AM | Peace | stability in West Asian region is vital for world EAM Jaishankar
কৃত্রিম বুদ্ধিমত্তা আৰু বৈদ্যুতিক বাহন, মহাকাশ, ড্র’ন বা সেউজ হাইড্ৰ’জেনৰ পাৰ্থক্যমূলক বিকাশে ভূ-ৰাজনৈতিক প্ৰভাৱৰ দিশবোৰ স্পষ্ট কৰেঃ ড০ এছ জয়শংকৰ
