ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 3, 2025 12:48 PM | Patima pandey

printer

ৰাজ্যৰ বিভিন্ন স্থানত প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ৯১ সংখ্যক জন্ম বার্ষিকী পালন

গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ ৯১ সংখ্যক জন্ম বার্ষিকী আজি ৰাজ্যৰ বিভিন্ন স্থানত সুকীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ লোৱা হৈছে। ১৯৩৪ চনৰ আজিৰ দিনটোত কলকাতাত জন্মলাভ কৰা মহান শিল্পীগৰাকীয়ে সমৃদ্ধিশালী অসমীয়া সংস্কৃতিৰ এই বিশেষ ধাৰাটোক ৰাজ্যৰ পৰিসীমা অতিক্ৰম কৰাই সমগ্ৰ বিশ্বতে প্ৰতিষ্ঠা কৰি থৈ গ’ল। হস্তিৰ কন্যা, তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে আদিকে ধৰি ভালেমান গোৱালপাৰীয়া লোকগীতক শ্ৰোতা সমাজৰ মাজত পৰিচিত কৰাই দিয়া প্ৰতিমা বৰুৱা পাণ্ডেৰ পৰা ভাৰতৰত্ন সন্মানেৰে বিভূষিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকায়ো একাধিক লোকগীত শিকাৰ লগতে দুয়োগৰাকী শিল্পীয়ে দ্বৈতকণ্ঠত এনে কেইবাটাও গীত পৰিৱেশন কৰিছিল।

দিদি হিচাপে সকলোৰে মাজত পৰিচিত অনন্য দৰদী কণ্ঠৰ অধিকাৰী প্ৰথিতযশা শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেই ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। প্ৰকৃতিশ চন্দ্ৰ বৰুৱা ওৰফে লালজীৰ কন্যা তথা প্ৰসিদ্ধ চলচ্চিত্র নির্মাতা প্রমথেশ বৰুৱাৰ ভতিজীয়েক এইগৰাকী আজন্ম শিল্পীয়ে পৰিয়ালৰ পোহনীয়া হাতী আৰু মাউতসকলৰ লগতে সাধাৰণ শ্ৰেণীৰ লোকৰ সৈতে ঘনিষ্ঠতাৰে থলুৱা সংস্কৃতিৰ লগত পৰিচিত হৈ এই সংস্কৃতিক তুলি ধৰাৰ লগতে নিজেও প্রতিষ্ঠা লাভ কৰিছিল। দেশে-বিদেশে ভালেমান মঞ্চ আৰু আন বিভিন্ন অনুষ্ঠানত গীত পৰিৱেশন কৰা প্ৰতিমা বৰুৱা পাণ্ডেই একাধিক কথাছবিতো কণ্ঠদান কৰি অনন্য প্ৰতিভাৰ স্বাক্ষৰ ৰাখি থৈ গৈছে। ২০০২ চনৰ ২৭ ডিচেম্বৰত এইগৰাকী মহান শিল্পীৰ দেহাৱসান ঘটে।