ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 22, 2025 1:02 PM | Patima pandey

printer

গৌৰীপুৰৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ সংৰক্ষণৰ কাম পূর্ণ গতিত অব্যাহত

ধুবুৰী জিলাৰ গৌৰীপুৰৰ মাটিয়াবাগত থকা গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ হাৱা মহলৰ সংৰক্ষণৰ কাম পূর্ণ গতিত চলি আছে। আমাৰ ধুবুৰী জিলাৰ সংবাদদাতাই জনোৱা মতে প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উপৰি অসমৰ জমিদাৰী প্রথা তথা গোৱালপাৰা জিলাৰ পুৰণি সম্পদশালী ইতিহাসৰ সৈতে নতুন প্ৰজন্মক পৰিচয় কৰোৱাৰ লক্ষ্যৰে এই হাৱা মহলৰ সংৰক্ষণৰ কাম কৰি থকা হৈছে। উল্লেখযোগ্য যে অসম মন্ত্ৰীসভাৰ এখন বৈঠকত ১৫ কোটি টকা ব্যয়সাপেক্ষে এটা সংগ্ৰহালয় গঢ়ি তোলাৰ বাবে গৌৰীপুৰৰ মাটিয়াবাগৰ প্ৰায় ১২ বিঘা মাটি অধিগ্ৰহণত অনুমোদন জনোৱা হৈছিল।