ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 9, 2025 8:21 PM | Pathsala

printer

পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত

পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উপলক্ষে কালিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত হৈছে। আজি এই আলোচনা সত্ৰত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিশিষ্টশিক্ষাবিদ অমৰজ্যোতি চৌধুৰীয়ে ড° হাজৰিকাৰ গীতক লুইতৰ ঢৌৰ সৈতে তুলনা কৰি তেওঁৰ জীৱন আৰু আদর্শ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগ আৰু আভ্যন্তৰীণ মান নির্ণায়ক কোষৰ উদ্যোগত আয়োজিত এই আলোচনা সত্ৰ ভূপেন হাজৰিকাৰ জীৱন আৰু কৃতিত্বক বিশেষভাৱে সন্মান জনোৱা হয়। কালি অনুষ্ঠানৰ প্ৰথম দিনা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পোষ্টাৰ সজোৱা, মুকলি কুইজ আদিৰ লগতে এখন গ্রন্থমেলা অনুষ্ঠিত হয়। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে আয়োজন কৰা অসম সমাজ-সংস্কৃতি আৰু ভূপেন হাজৰিকাৰ সৃষ্টি শীর্ষক আলোচনা সত্ৰখন উদ্বোধন কৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সূর্য হাজৰিকা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তি প্ৰমুখ্যে জ্যেষ্ঠ চৰকাৰী বিয়ষা উপস্থিত থাকে।