January 27, 2025 7:13 PM | Karishak divas

printer

দৰঙত তিনিদিনীয়াকৈ অনুষ্ঠিত ১৩১ সংখ্যক কৃষক ছহিদ দিৱসৰ আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ

পথৰুঘাটৰ কৃষক ছহিদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনৰ উদ্দেশ্যে দৰঙত তিনিদিনীয়াকৈ অনুষ্ঠিত ১৩১ সংখ্যক কৃষক ছহিদ দিৱসৰ আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অংশ হিচাপে পথৰুঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কৃষি মেলা, কৃষক বিদ্ৰোহ বিষয়ৰ গ্ৰন্থ, স্মৰণিকা, আলোকচিত্র ইত্যাদিৰ প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা মুকলি কৰাৰ লগতে কৃষক ছহিদ প্ৰকল্পত এটা শীততাপ নিয়ন্ত্রিত প্রেক্ষাগৃহ উদ্বোধন কৰা হয়। পুৱাৰ ভাগত পাথৰিঘাটৰ কৃষক ছহিদ বাকৰিত পথৰুঘাটে ৰিঙিয়ায় শীৰ্ষক প্ৰাইজমাণি কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানত প্রবীণ লোকশিল্পীসকলৰ সন্মিলন আৰু শিল্পী পেন্সন প্রাপকসকলক সম্বর্ধনা জনোৱাকে ধৰি আন বিভিন্ন কাৰ্যসূচীও ৰূপায়ণ কৰা হয়।

কাইলৈ তৃতীয় তথা অন্তিম দিনটোত পুৱাৰ ভাগত কৃষক ছহিদ সমাধিত শ্রদ্ধাঞ্জলি, ছহিদ তৰ্পণ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ পাছত দিনৰ চাৰে ১১ বজাত মুকলি সভাৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া এই সভাত কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু দৰং জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ স্মৃতি সুঁৱৰি ডাক বিভাগে প্ৰকাশ কৰা এটা বিশেষ ডাকটিকটো কাইলৈৰ মুকলি সভাতে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শ‍ইকীয়াই আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। অনুষ্ঠানৰ অংশ হিচাপে কাইলৈ সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে বুলি আকাশবাণীৰ দৰঙৰ সংবাদদাতাই জানিবলৈ দিছে।

 

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।