ডাউনলোড
মোবাইল এপ

android apple
signal

বিৰোধী দলসমূহে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে সংসদৰ উভয় সদনৰ কাম-কাজ দিনটোৰ বাবে ব্যাহত

বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনক লৈ বিৰোধী দলসমূহে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে আজি সংসদৰ উভয় সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়।

কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দিনৰ দুই বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ একাংশ সাংসদে বিহাৰত ভোটাৰ তালিকা বিশেষ সংশোধনক লৈ আলোচনা কৰাৰ দাবীত ধ্বনি দিবলৈ ধৰে আৰু সদনৰ মজিয়ালৈ উঠি যায়। এনে পৰিস্থিতিৰ মাজতে অধ্যক্ষই কয়, যে চৰকাৰ যিকোনো  বিষয়ক লৈ আলোচনা কৰিবলৈ সাজু। তেওঁ কয় যে প্ৰতিবাদৰত সদস্যসকলৰ আচৰণ সংসদীয় গৰিমাৰ পৰিপন্থী। হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে নিম্ন সদনে গোৱাৰ বিধানসভা সমষ্টিসমূহৰ অনুসূচীত জনজাতিৰ প্ৰতিনিধিত্বৰ পুনৰ সংযোজন বিধেয়ক 2024 গৃহীত কৰে। বাৰে বাৰে অনুৰোধ জনোৱাৰ সত্তেও বিৰোধী সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাত অধ্যক্ষই সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে দিনৰ ১১ বজাত লোকসভা মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, ডি এম কে, টি এম চি আৰু অন্যান্য বিৰোধী দলৰ সদস্যসকলে ধ্বনি দি সদনৰ মজিয়ালৈ উঠি যায়। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে অধ্যক্ষ ওম বিৰলাই প্ৰশ্নোত্তৰ কালৰ কাম-কাজ চলাই নিয়াৰ চেষ্টা কৰে। বিৰোধী সদস্যসকলে পূৰ্ব পৰিকল্পিতভাৱে সদনৰ কাম-কাজত ব্যাঘাত জন্মাইছে বুলি অধ্যক্ষ বিৰলাই অভিযোগ কৰে। তেওঁ কয়, যে প্ৰতিবাদকাৰী সাংসদসকলে প্ৰদৰ্শন কৰা আচৰণ সংসদীয় গনতন্ত্ৰৰ বাবে গ্ৰহণযোগ্য নহয়। হুলস্থূলীয়া পৰিৱেশ অব্যাহত থকাত অধ্যক্ষই সদনৰ  কাৰ্যক্ৰমণিকা দিনৰ দুই বজালৈকে স্থগিত ৰাখে।

ইয়াৰ পূৰ্বে সদনে সদ্য প্ৰয়াত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু চোৰেন, প্ৰাক্তন সাংসদদ্বয় তিলকধাৰী প্ৰসাদ সিং আৰু ৰাম ৰতি বিন্দৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায়।

ৰাজ্যসভাতো একেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হয়। দিনৰ ২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিৰোধী পক্ষৰ সাংসদসকলে ভোটাৰ তালিকাত বিশেষ সংশোধনৰ বিষয় লৈ প্ৰতিবাদ কৰিবলৈ লয়। উচ্চ সদনৰ উপ সভাপতি হৰিবংশে কয় যে সাংসদসকলে সংসদীয় নীতি নিয়ম মানি চলা উচিত। তেওঁ বৰ্ষাকালীন অধিবেশনৰ সময়ছোৱাত সদনত বিশেষ কাম সম্পন্ন নোহোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।