সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰিছে। লোকসভাত আজি এখন ৰাষ্ট্ৰ, এটা নির্বাচন বিধেয়কখন উত্থাপনৰ পূৰ্বে আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী ৰিজিজুৱে কয়, যে এই ব্যৱস্থা কোনো দল বা ব্যক্তি বিশেষ বাবে নহয, বৰং দেশৰ সুবিধাৰ বাবেহে এই ব্যৱস্থা ৰূপায়ণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। বিধেয়কখন সন্দৰ্ভত বিৰোধী পক্ষই কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি শ্ৰী ৰিজিজুৱে কয়, যে ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছত দুটা দশকলৈ একেলগে নির্বাচন অনুষ্ঠিত হৈছিল। কংগ্ৰেছে সংবিধানৰ ৩৫৬ নম্বৰ অনুচ্ছেদৰ অপব্যৱহাৰ কৰাৰ বাবে সংসদ আৰু ৰাজ্যিক বিধানসভাৰ বাবে পৃথক নির্বাচন অনুষ্ঠিত কৰিবলগীয়া হয় বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে৷
কংগ্ৰেছ, সমাজবাদী পার্টী, এন চি পি আৰু চি পি আই এমকে ধৰি বিৰোধী দলসমূহে এখন ৰাষ্ট্ৰ, এটা নির্বাচন বিষয়ক বিধেয়ক উত্থাপনৰ বিৰোধিতা কৰিছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয়, যে তেওঁৰ দলে এই বিধেয়কখন সংবিধানৰ মূল গাঁথনিৰ বিৰোধী আৰু সেয়েহে তেওঁলোকে সদনত এই বিধেয়ক উত্থাপনৰ বিৰোধিতা কৰিব। শ্ৰী ৰমেশে এই বিধেয়ক বিবেচনাৰ বাবে যুটীয়া সংসদীয় কমিটি গঠনৰ বাবে দাবী জনাব বুলিও প্ৰকাশ কৰে। সমাজবাদী পাৰ্টীৰ ধৰ্মেন্দ্ৰ যাদৱ, চি পি এমৰ জন ব্ৰিটাছ আৰু এন চি পিৰ সুপ্রিয়া ছুলেও এই বিধেয়কখনৰ বিৰোধিতা কৰি সংবাদ মাধ্যমত তেওঁলোকৰ দলীয় স্থিতি দাঙি ধৰে।