গোৱা বিধানসভা সমষ্টিত অনুসূচিত জনজাতিৰ পুনৰ সামঞ্জস্য বিধেয়ক ২০২৫ সংসদত গৃহীত

গোৱা বিধানসভা সমষ্টিত অনুসূচীত জনজাতিৰ পুনৰ সামঞ্জস্য বিধেয়ক ২০২৫ ৰাজ্যসভাই অনুমোদন জনোৱাৰ লগে লগে সংসদে আজি গৃহীত কৰে। লোকসভাই যোৱা সপ্তাহতে এই বিধেয়কখন গৃহীত কৰিছিল। এই বিধেয়কখনৰ উদ্দেশ্য হৈছে অনুসূচীত জনজাতিৰ সদস্যসকলক ফলপ্রসূ গণতান্ত্রিক অংশগ্ৰহণৰ বাবে আসন সংৰক্ষণ কৰা আৰু গোৱা বিধানসভাৰ আসন পুনৰ সামঞ্জস্যৰ ব্যৱস্থা কৰা। এই সম্পৰ্কে হোৱা আলোচনাৰ উত্তৰ দি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয়, যে অনুসূচীত জনজাতিৰ সংখ্যা ২০০১ চনত ৫৬৬ ৰ পৰা বৃদ্ধি হৈ এতিয়া প্ৰায় ১ লাখ ৪৯ হাজাৰৰো অধিক হৈছে। তেওঁ কয়, যে পূৰ্বে কেৱল অনুসূচীত জাতিৰ বাবেহে সংৰক্ষণৰ ব্যৱস্থা আছিল। কিন্তু অনুসূচীত জনজাতিৰ সংখ্যা বৃদ্ধিৰ লগে লগে তেওঁলোকৰ বাবেও আসন সংৰক্ষণৰ ব্যৱস্থা আৱশ্যকীয় হৈ পৰিছে। তেওঁ কয় যে মুঠ ৪০ খন আসনৰ ভিতৰত কেৱল এখন আসনহে অনুসূচীত জাতিৰ বাবে সংৰক্ষিত আৰু বিধানসভাত আদিবাসী সদস্যৰ বাবে কোনো সংৰক্ষণৰ ব্যৱস্থা নাছিল। শ্ৰীমেঘৱালে কয়, যে গোৱা বিধানসভাত আদিবাসীসকলক সংৰক্ষণৰ দিয়াৰ উদ্দেশ্যে এই বিধেয়কখন উত্থাপন কৰা হৈছিল। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ মূল মন্ত্ৰ সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ সৈতে কেন্দ্ৰীভূত। ইয়াৰ পূৰ্বে আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ সদানন্দ মাহলু ছেট তানাৱাড়ে কয়, যে এই বিধেয়কখনৰ জৰিয়তে জনজাতীয় সমাজে বিধানসভাত প্রতিনিধিত্ব লাভ কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।