সংসদৰ শীতকালীন অধিবেশন আজি অনির্দিষ্টকাললৈ স্থগিত ৰখা হয়। ইয়াৰ লগে লগে ১ ডিচেম্বৰত আৰম্ভ হোৱা ১৯ দিনীয়া শীতকালীন অধিৱেশনৰ সামৰণি পৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সামৰণি ভাষণত কয়, যে এইবাৰৰ অধিৱেশনত মুঠ ১৫ খন বৈঠক অনুষ্ঠিত হয়। তেওঁ সকলো সদস্যকে সংসদৰ কাম-কাজ নিয়াৰিকৈ পৰিচালনাত সহযোগিতা আগবঢ়োৱাৰ বাবে ধন্যবাদ জনায়। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে উচ্চ সদনৰ কাৰ্যক্ৰমণিকা প্রায় ৭২ ঘণ্টা চলে আৰু এইবাৰৰ অধিবেশন ফলপ্ৰসু হৈ বুলি উল্লেখ কৰে। তেওঁ লগতে কয়, যে সংসদৰ শীতকালীন অধিবেশনত ঐতিহাসিক আৰু গণতান্ত্রিকভাৱে গুৰুত্বপূর্ণ উচ্চ পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হয়। এইবাৰৰ অধিবেশনত লোকসভাত উত্থাপন কৰা ১০ খন বিধেয়কৰ ৮ খন গৃহীত হোৱাৰ লগতে ৰাজ্যসভাই ৮ খন বিধেয়কত অনুমোদন জনায়।
Site Admin | December 19, 2025 7:26 PM | parliament
সংসদৰ শীতকালীন অধিবেশন আজি অনির্দিষ্টকাললৈ স্থগিত